ক'ৰ'নামুক্ত হোৱাৰ পাছৰ জটিলতাই প্ৰাণ লৈছে অনেকৰঃ মন্ত্ৰী শৰ্মা

মন্ত্ৰী শৰ্মাই কয় যে ক’ৰ’না ভাইৰাছে মানুহৰ হাওঁফাওঁ আৰু অন্যান্য অংগৰ বেয়াকৈ ক্ষতিসাধন কৰে।
ক'ৰ'নামুক্ত হোৱাৰ পাছৰ জটিলতাই প্ৰাণ লৈছে অনেকৰঃ মন্ত্ৰী শৰ্মা

ক'ৰ'নাৰ পৰা আৰোগ্য হোৱাৰ পাছত শৰীৰত দেখা দিয়া অন্যান্য জটিলতাই প্ৰাণ লৈছে বহুজনৰ ৷ শুকুৰবাৰে এখন সংবাদমেলত এই উদ্বেগজনক তথ্য সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে ক'ৰ'না ভাইৰাছে মানুহৰ হাওঁফাওঁ আৰু অন্যান্য অংগৰ বেয়াকৈ ক্ষতিসাধন কৰে। গতিকে ক'ৰ'নাত আক্ৰান্ত হোৱাৰ পাছত ক'ৰ'নামুক্ত হোৱা বহুজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

ৰাজ্যত ক'ৰ'নাজনিত পৰিস্থিতি বেয়াৰ পৰা অধিক বেয়া হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই লগতে কয় যে এই মহামাৰীক লৈ বহু লোক এতিয়াও সচেতন হোৱা নাই। চলিত ছেপ্টেম্বৰত ক'ৰ'না পজিটিভৰ সংখ্যা ১.৫শতাংশ বৃদ্ধি পাইছে ৷ " আমাৰ চিকিৎসা প্ৰদানৰ সুবিধা সীমিত ৷ কিন্তু এই মহামাৰীক লৈ আজিও মানুহ সচেতন হোৱা নাই ", সংবাদমেলত মন্ত্ৰী শৰ্মাই এইদৰে কয় ৷ তেওঁ লগতে কয় যে ক'ৰ'না ভাইৰাছে মানুহৰ হাঁওফাঁও আৰু অন্যান্য অংগৰ ক্ষতিসাধন কৰে ৷ গতিকে ক'ৰ'নাত আক্ৰান্ত হোৱাৰ পাছত ক'ৰ'না নিগেটিভ হোৱাৰ পাছতো বহুজনে আন আন জটিলতাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ 

উল্লেখ্য যে ৰাজ্যৰ ক'ৰ'নাজনিত পৰিস্থিতিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়েও উদ্বেগ প্ৰকাশ কৰিছে। ক'ৰ'না প্ৰতিৰোধৰ বাবে আৰোপিত নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ আৰক্ষী-প্ৰশাসনলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে ন্যায়ালয়ে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com