আইনে নিজৰ পথ ল'বঃ বিশেষাধিকাৰ ভংগৰ অভিযোগকলৈ ক'লে ৰঞ্জন গগৈয়ে

সঞ্জয় ৰাউট, চি পি আই (এম)-ৰ সাংসদ দন ব্ৰিটাছ আৰু ভি শিৱদাসন আদিয়ে গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছে।
আইনে নিজৰ পথ ল'বঃ বিশেষাধিকাৰ ভংগৰ অভিযোগকলৈ ক'লে ৰঞ্জন গগৈয়ে
Published on

সংসদত সাংসদৰ উপস্থিতি সন্দৰ্ভত অলপতে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানে ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে কেতবোৰ মন্তব্য কৰে ৷ এই মন্তব্যক লৈ তেওঁৰ বিৰুদ্ধে বিভিন্ন বিৰোধী দলে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছে ৷ উল্লেখ্য যে অলপতে গগৈয়ে সংসদ সাংসদৰ উপস্থিতি সম্পৰ্কত প্ৰতিক্ৰিয়া সৃষ্টি কৰা এটা মন্তব্য় কৰে। এই মন্তব্যৰ পাছতে তেওঁৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছসহ একাংশ বিৰোধী দলৰ সাংসদে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছে।

প্ৰাপ্ত তথ্য় অনুসৰি সোমবাৰে তেওঁ সংসদৰ চলিত শীতকালীন অধিৱেশনত প্ৰথমবাৰৰ বাবে উপস্থিত হয়। ২০২০ত ৰাজ্যসভালৈ সাংসদৰূপে ৰাষ্ট্ৰপতিয়ে মনোনীত কৰাৰ পাছৰ পৰা গগৈয়ে নৱমবাৰৰ বাবে সংসদত উপস্থিত হয়।  The Deccan Herald-ৰ বাতৰি অনুসৰি শিৱ সেনাৰ সাংসদ সঞ্জয় ৰাউট, চি পি আই (এম)-ৰ সাংসদদ্বয় দন ব্ৰিটাছ আৰু ডঃ ভি শিৱদাসন তথা মুছলিম লীগৰ সাংসদ আব্দুল ৱাহেবে গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছে। 

তদুপৰি ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাংসদ মৌচম নুৰ আৰু জৱাহৰ সৰকাৰ আৰু তিনিজন কংগ্ৰেছ সাংসদে প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com