অসমৰ বানাক্ৰান্তৰ বাবে দান-বৰঙণি সংগ্ৰহ প্ৰিয়ংকা চোপ্ৰাৰ

বাৰিষা হোৱা প্ৰবল বৰষুণৰ ফলত অসমত সংহাৰী বানৰ সৃষ্টি হৈছে।
অসমৰ বানাক্ৰান্তৰ বাবে দান-বৰঙণি সংগ্ৰহ প্ৰিয়ংকা চোপ্ৰাৰ

অসমৰ লাখ লাখ বানাক্ৰান্তৰ দুঃখ-দুৰ্গতিয়ে ম্ৰিয়মান কৰিছে আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জোনছৰ। একালৰ অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা আৰু তেওঁৰ স্বামী নিকে সম্প্ৰতি ৰাজ্যৰ লাখ লাখ বানাক্ৰান্তৰ বাবে দান-বৰঙণি সংগ্ৰহ কৰিছে। এই কথা সদৰী কৰি এটা টুইটত প্ৰিয়ংকাই কয়, " "বৈশ্বিক মহামাৰী ক'ৰ'নাৰ বিৰু্দ্ধে আমি যুঁজ দি থকাৰ সময়তে ভাৰতৰ অন্যতম ৰাজ্য অসমে এক বৃহত দুৰ্যোগৰ সৈতে যুঁজ দি আছে। বাৰিষা হোৱা প্ৰবল বৰষুণৰ ফলত অসমত সংহাৰী বানৰ সৃষ্টি হৈছে। ধন-জনৰ ওপৰত ইয়াৰ প্ৰভাৱ অকল্পনীয়। বিশ্ব অন্যতম সুন্দৰ বন্যপ্ৰাণী অভয়াৰণ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো এই বানত বুৰ গৈছে"।

অভিনেত্ৰীগৰাকীয়ে #Assamfloods #PrayForAssam #AssamNeedsHelp @PRIYANKACHOPRA হেছটেগ ব্যৱহাৰ কৰি অসমৰ বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহৰ চেষ্টাও কৰিছে। উল্লেখ্য যে অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাডৰৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত প্ৰিয়ংকাই অসমৰ মেখেলা চাদৰক জনপ্ৰিয় কৰাৰ চেষ্টা কৰিছিল।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com