আমাৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰত ৰাফেল মূল হ'বঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয় যে ফ্ৰান্সৰ পৰা অলপতে অনা পাঁচখন ৰাফেল বিমান অতি কম সময়তে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(এল এ চি)-ৰ ওচৰত নিয়োজিত কৰা হ’ব ৷
আমাৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰত ৰাফেল মূল হ'বঃ ৰাজনাথ সিং

দেশৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰত ৰাফেল যুঁজাৰু বিমানে প্ৰধান ভূমিকা পালন কৰিব ৷ এই মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৷ চীনৰ সৈতে সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটাৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয় যে ফ্ৰান্সৰ পৰা অলপতে অনা পাঁচখন ৰাফেল বিমান অতি কম সময়তে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(এল এ চি)-ৰ ওচৰত নিয়োজিত কৰা হ'ব ৷ উল্লেখ্য যে ভাৰতে ফ্ৰান্সৰ পৰা ৩৬খন ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰিছে ৷ ইয়াৰে পাঁচখন ইতিমধ্যে ভাৰতলৈ অনা হৈছে ৷ সম্প্ৰতি এই যুঁজাৰু বিমানকেইখন আম্বালা বায়ু সেনা ঘাটিত আছে ৷

বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয় যে যদিও ভাৰতে শান্তি স্থাপনৰ বাবে চেষ্টা কৰে তথাপি ভাৰতে নিজৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ সৈতে আপোচ নকৰে৷ কালি ৰাফেল যুঁজাৰু বিমানৰ সংযোজন উপলক্ষে আম্বালাত আয়োজিত অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰে ৷ তেওঁ আৰু কয় যে ভাৰতীয় বায়ু সেনাই লাডাখত যি ক্ষিপ্ৰগতিৰে নিজৰ সা-সঁজুলি নিয়োজিত কৰিছে, সেয়া প্ৰশংসনীয়।

" ইয়ে প্ৰমাণ কৰে যে জৰুৰী সময়ত ব্যৱহাৰ কৰিব পৰাকৈ ভাৰতীয় সেনা সদায়ে প্ৰস্তুত হৈ থাকে ৷ প্ৰত্যেকেই জানে যে ভাৰতে শান্তিৰ হকেহে চেষ্টা কৰে৷ কিন্তু লাডাখৰ কথা বিবেচনা কৰি আমি এই সতৰ্ক হৈ ৰোৱা উচিত," সিঙে লগতে এইদৰে কয় ৷ অত্যাধুনিক ৰাফেল যুঁজাৰু বিমানে বায়ু যুদ্ধত আধিপত্য সাব্যস্ত কৰিব পাৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com