প'ৰ্ণ ছবি নিৰ্মাণৰ গোচৰঃ জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ৰাজ কুন্দ্ৰা

অপৰাধ শাখাই আদালতক অৱগত কৰিছে যে কুন্দ্রাই তদন্তকাৰী আৰক্ষীক তদন্তত সহযোগ কৰা নাই ৷
প'ৰ্ণ ছবি নিৰ্মাণৰ গোচৰঃ জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ  ৰাজ কুন্দ্ৰা

অশ্লীল ছবি নিৰ্মাণ তথা বিতৰণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ব্যৱসায়ী ৰাজ কুন্দ্ৰাই জামিন বিচাৰি বম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ যোৱা মঙ্গলবাৰে সত্ৰ ন্যায়াধীশৰ আদালতে কুন্দ্ৰাৰ জামিন আবেদন নাকচ কৰে ৷ ব্যৱসায়ীজনৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই উল্লেখ কৰা ১৯টা কাৰণৰ ভিত্তিত সত্ৰ ন্যায়াধীশৰ আদালতে তেওঁৰ জামিন আবেদনৰ শুনানী অহা ২০ আগষ্টলৈ স্থগিত ৰাখে ৷

জানিব পৰা মতে, অপৰাধ শাখাই আদালতক অৱগত কৰিছে যে কুন্দ্রাই তদন্তকাৰী আৰক্ষীক তদন্তত  সহযোগ কৰা নাই ৷ যদিহে তেওঁক জামিনত দিয়া হয়, তেন্তে তেওঁ নিশ্চিতভাবে পুনৰ এই কামত নামি পৰিব আৰু হয়টো দেশ এৰি পলাই যাবলৈও চেষ্টা কৰিব। ঘটনাটোৰ লগত জৰিত ভুক্তভোগী মহিলাসকল অতি দৰিদ্ৰ পৰিয়ালৰ৷ যদিহে দোষী মুকলি হৈ ঘূৰি ফুৰে তেন্তে তেওঁলোকে আগবাঢ়ি আহি আৰক্ষীক সহায় কৰিবলৈ নিশ্চিতভাবে ভয় কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com