ক'ৰ'নাত অসম আৰক্ষীৰ আৰু এজনৰ মৃত্যু

সাত এপ্ৰিলত হাস্পতালত ভৰ্তি কৰা নৱম অসম আৰক্ষী বেটেলিয়নৰ নায়ক ৰাজেশ নাৰ্জাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰিছে।
ক'ৰ'নাত অসম আৰক্ষীৰ আৰু এজনৰ মৃত্যু

ক'ৰ'না মহামাৰীত অসম আৰক্ষীয়ে আৰু এজন সতীৰ্থক হেৰুৱালে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা সাত এপ্ৰিলত নৱম অসম আৰক্ষী বেটেলিয়নৰ নায়ক ৰাজেশ নাৰ্জাৰীক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়। তাত চিকিত্সাধীন অৱস্থাত আজি তেওঁৰ মৃত্যু হয়। এই দুঃসংবাদ টুইটাৰযোগে সদৰী কৰি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান জি পি সিঙে এটা টুইটত কয় যে অসম আৰক্ষীৰ পৰিয়ালৰ বাবে দুঃখবৰ। যোৱা সাত এপ্ৰিলত হাস্পতালত ভৰ্তি কৰা নৱম অসম আৰক্ষী বেটেলিয়নৰ নায়ক ৰাজেশ নাৰ্জাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰিছে।

আনহাতে, এই সম্পৰ্কত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নায়ক নাৰ্জাৰীৰ শৰীৰত ক'ৰ'নাৰ লক্ষণ ফুটি উঠা নাছিল। আকস্মিকভাবে তেওঁৰ শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাত তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে বৰ্তমানলৈ অসম আৰক্ষীৰ দুজন লোকৰ ক'ৰ'না মহামাৰীত মৃত্যু হৈছে। ইয়াৰ পূৰ্বে যোৱা ১০ জুলাইত আই আৰ বি এনৰ হাবিলদাৰ হৰেশ্বৰ নাথৰ মৃত্যু হয়। তেওঁ আই আই টি গুৱাহাটীৰ ক'ৰ'না ৰোগীৰ চিকিত্সাকেন্দ্ৰত ভৰ্তি হৈ আছিল।আনহাতে, কালিলৈকে ক'ৰ'নাত আক্ৰান্ত হোৱা অসম আৰক্ষীৰ লোকৰ সংখ্যা ৮৬৯জন হয়। ইয়াৰে ৪৮৪জন আৰোগ্য হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com