প্ৰশ্নকাকত ফাদিলত জড়িত বিজেপি নেতাক প্ৰথমে গ্ৰেপ্তাৰৰ দাবী দাসৰ

কংগ্ৰেছে কেলেংকাৰিটোৰ ন্যায়িক তদন্ত দাবী কৰাৰ বিপৰীতে মিত্ৰদল এ আই ইউ ডি এফে চি বি আই তদন্ত দাবী কৰিছে ৷
প্ৰশ্নকাকত ফাদিলত জড়িত বিজেপি নেতাক প্ৰথমে গ্ৰেপ্তাৰৰ দাবী দাসৰ

অসম আৰক্ষীৰ শেহতীয়া উপ-পৰিদৰ্শক (এছ আই)নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ সৃষ্ট প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ এই কেলেংকাৰিত একাংশ শাসকীয় বিজেপি নেতা জড়িত থকাৰ অভিযোগো উত্থাপিত হৈছে ৷ এনে অৱস্থাত দলে কোনো শাসকীয় দলৰ নেতা এই কেলেংকাৰিৰ সৈতে জড়িত থাকিলে তেনে নেতাক প্ৰথমে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ৷ উল্লেখ্য যে এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈকে তদন্তকাৰী আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ অৱশ্যে কেলেংকাৰিটোৰ মূল অভিযুক্তৰূপে চিহ্নিত অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক পি কে দত্তই আত্মগোপন কৰি আছে ৷

সম্প্ৰতি বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফেও কেলেংকাৰিটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ কংগ্ৰেছে কেলেংকাৰিটোৰ ন্যায়িক তদন্ত দাবী কৰাৰ বিপৰীতে মিত্ৰদল এ আই ইউ ডি এফে চি বি আই তদন্ত দাবী কৰিছে ৷ এনে অৱস্থাতে বিজেপিয়ে স্থিতি স্পষ্ট কৰি কয় যে যদি দলৰ কোনো নেতা এই কেলেংকাৰিৰ সৈতে জড়িত আছে, তেন্তে তেনে নেতাক প্ৰথমে গ্ৰেপ্তাৰ কৰা উচিত৷ ৰাজ্য চৰকাৰে কেলেংকাৰিটোৰ তদন্তৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক আদৰণী জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে যদি কোনো বিজেপি নেতা-নেত্ৰী এই কেলেংকাৰিৰ সৈতে জড়িত আছে, তেন্তে সেই নেতা-নেত্ৰীক প্ৰথমে গ্ৰেপ্তাৰ কৰক ৷

দলে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য নীতিৰ সৈতে আপোচ নকৰে বুলি দাসে মন্তব্য কৰে ৷ আনহাতে, ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে ৷ "উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত হোৱা উচিত ৷ ২০ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে থেংক ইউ ল'জৰ উপৰি আন কে'বাঠাইতো গোপন পৰীক্ষা অনুষ্ঠিত হৈছিল৷

এই গোপন পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলোকে গ্ৰেপ্তাৰ কৰা উচিত৷ চি আই ডিৰ তদন্তই যথেষ্ট নহয়। কাৰণ এই কেলেংকাৰিত আৰক্ষী বিষয়াও জড়িত আছে ," বৰাই এইদৰে কয়। আনহাতে, সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক হাফিজ ৰফিকুল ইছলামে কয়, " চি আই ডিৰ প্ৰাথমিক তদন্তত একাংশ বিজেপি নেতাও এই কেলেংকাৰিত জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ৷ কিন্তু ৰৌ-বৰালিৰ নাম পোহৰলৈ অহা নাই। এই কেলেংকাৰিৰ তদন্ত চি বি আইৰ দ্বাৰা হোৱা উচিত৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com