বিজেপি গমন কৰা কা-আন্দোলনকাৰী শিল্পীক কঠোৰ সমালোচনা ৰবি শৰ্মাৰ

বিজেপি গমন কৰা কা-আন্দোলনকাৰী শিল্পীক কঠোৰ সমালোচনা ৰবি শৰ্মাৰ

সংগীত শিল্পী সীমান্ত শেখৰ, বিদ্যাসাগৰ, অভিনেত্ৰী আশা বৰদলৈসহ একাংশ কা—আন্দোলনকাৰী শিল্পীয়ে অলপতে বিজেপিত যোগদান কৰে।

নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী আন্দোলনত অংশ লোৱা যিসকল শিল্পীয়ে বিজেপিত যোগদান কৰিছে, সেইসকলক কঠোৰ ভাষাৰে সমালোচনা কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। উল্লেখ্য যে সংগীত শিল্পী সীমান্ত শেখৰ, বিদ্যাসাগৰ, অভিনেত্ৰী আশা বৰদলৈসহ একাংশ কা—আন্দোলনকাৰী শিল্পীয়ে অলপতে বিজেপিত যোগদান কৰে। সম্প্ৰতি এইসকল শিল্পীৰ সমালোচনাত মুখৰ হৈ উঠি অভিনেতা শৰ্মাই সাংবাদিকৰ আগত কয়, "মোৰ কোনো দলত যোগদান কৰাৰ পৰিকল্পনা নাই। যদিও মই এটা দলৰ লগত জড়িত হৈছিলো, কিন্তু এটা মই আঁতৰি আহিলো। "কা"-ক লৈ মতবিৰোধ হোৱাত মই সেই দল এৰি আহিলো। ৰাজনৈতিক দলৰ লগত যোগ দিয়াৰ লগে লগে মোৰ কণ্ঠ ৰুদ্ধ হৈ যায়। যাৰ কাৰণে কোনো ৰাজনৈতিক দলত মই যোগ দিয়াৰ পৰিকল্পনা নাই।"

" জনপ্ৰিয় অভিনেতাজনে লগতে কয় যে শিল্পী, কলা–কুশলী, সাংস্কৃতিক কৰ্মী ৰাজনৈতিক দলত যোগ দিয়াটো দোষ হ'ব নোৱাৰে, কোনোবাই প্ৰতিবাদ কৰিবলগীয়া কথাও নাই। কিন্তু "কা" আন্দোলনৰ গইনা লৈ তেওঁলোকে ৰাজনীতিত যোগ দিয়াটো সমালোচনাৰ যোগ্য বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে "কা" আন্দোলনত ওলাই অহা লোকসকলক তেওঁলোকে অপমান কৰিছে।

ইপিনে, জনপ্ৰিয় শিল্পী জুবীন গাৰ্গ সন্দৰ্ভত অভিনেতাজনে কয়, " জুবিন শিল্পীসুলভ এজন মানুহ। যুৱ প্ৰজন্মৰ কাৰণে জুবিন মেডিচিন।  সময় দিয়ক, তেওঁতো আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা নাই"।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com