সুখবৰ! দেশত ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি দেশত ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ হাৰ সম্প্ৰতি ৫২. ৮০শতাংশলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ঘণ্টাত দেশত ৬, ৯২২গৰাকী ক'ৰ'না ৰোগী সুস্থ হয় ।ইয়াকে ধৰি বৰ্তমানলৈ সমগ্ৰ দেশত এক লাখ ৮৬হেজাৰ ৯৩৪গৰাকী ৰোগী সুস্থ হৈছে ৷ আনহাতে, ১, ৫২, ২২৭গৰাকী ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে ৷ একে সময়তে ক'ৰ'না নমুনা পৰীক্ষাৰ চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা দেশত ৬৭৪টালৈ বৃদ্ধি পাইছে ।একেদৰে ব্যক্তিগত পৰীক্ষাগাৰৰ সংখ্যাও ২৫০টালৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ একাংশ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা এক ভিডিঅ কনাফাৰেন্সত কয়, " আজি ক'ৰ'না মহামাৰীত আক্ৰান্তসকল আৰোগ্য হোৱাৰ হাৰ ৫০ শতাংশৰ অধিক হৈছে। এইখন দেশত মহামাৰীত মৃতৰ সংখ্যা বিশ্বত সৰ্বনিম্ন। ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে ভাৰতে যি যুঁজ দিছে, সেই কথা ভৱিষ্যতে বিশ্বই সোঁৱৰণ কৰি থাকিব। আমি সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ উদাহৰণ দাঙি ধৰিছো"।
ইপিনে, আজি অসমত সুস্থ হৈ ২৩১ ক'ৱিড-১৯মহামাৰী আক্ৰান্তই চিকিৎসালয়ৰ পৰা অব্যাহতি লৈছে ৷ কিছু সময় পূৰ্বে এই কথা প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত কয় যে অসমত ক'ৰ'না ৰোগীৰ আৰোগ্যৰ হাৰ সম্প্ৰতি ৫৭শতাংলৈ বৃদ্ধি পাইছে ৷ অৱশ্যে ইয়াৰ সমান্তৰালভাবে ক'ৰ'না আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাই আছে ৷ একেদৰে ক'ৰ'নাত মৃতৰ সংখ্যা ৮জন হৈছে ৷ স্বাস্থ্য মন্ত্ৰী শৰ্মাই জনোৱা মতে, ৰাজ্যৰ বিভিন্ন জিলা চিকিৎসালয়, আদৰ্শ চিকিৎসালয় আদিৰ পৰা এইসকল আৰোগ্য ক'ৰ'না ৰোগীক ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ ইয়াৰ লগে লগে শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা ৰাজ্যত ১, ৯৫২গৰাকীলৈ হ্ৰাস পাইছে