মণিপুৰত কংগ্ৰেছ ক্ষমতালৈ অহাৰ সম্ভাৱনাঃ বীৰেন সিং চৰকাৰত অস্থিৰতা

মণিপুৰত কংগ্ৰেছ ক্ষমতালৈ অহাৰ সম্ভাৱনাঃ বীৰেন সিং চৰকাৰত অস্থিৰতা

প্ৰাপ্ত তথ্য অনুসৰি মুঠ ৯ জন বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰিছে

হঠাৎ অস্থিৰতাৰ গ্ৰাসত সোমাই পৰিছে মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ৷ দলৰ তিনিজন বিধায়কৰ পদত্যাগ আৰু সহযোগী দলে সমৰ্থন প্ৰত্যাহাৰ কৰাত এন বীৰেন সিং নেতৃত্বৰ চৰকাৰখন প্ৰচণ্ড অনিশ্চয়তাত সোমাই পৰিছে ৷ এই ঘটনাৱলীয়ে চৰকাৰখনৰ পতনৰ আশংকাও প্ৰকট কৰিছে। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি মুঠ ৯ জন বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰিছে। ফলত বিৰোধী কংগ্ৰেছে ৰাজ্যখনৰ ক্ষমতা দখল কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ এই সম্পৰ্কত এক সূত্ৰই জনোৱা মতে, প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী ইক্ৰাম ইব'বী সিঙে অচিৰেই ৰাজ্যপাল নাজমা হেপতুল্লাক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব ৷

উল্লেখ্য যে ২০১৭-ত অনুষ্ঠিত মণিপুৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে ২৮খন আসন দখল কৰে ৷ আনহাতে, বিজেপিয়ে ২১খন, এন পি পি আৰু এন পি এফে ৪খনকৈ, এল জে পি আৰু তৃণমূল কংগ্ৰেছে এখনকৈ আৰু এজন নিৰ্দলীয় জয়ী হয় ৷ পাছত বিজেপিয়ে অ-কংগ্ৰেছী দল আৰু নিৰ্দলীয়ৰ সমৰ্থনত চৰকাৰ গঠন কৰে ৷ আনহাতে, মুখ্যমন্ত্ৰী বীৰেন সিঙৰ নেতৃত্বত চৰকাৰ গঠনৰ পাছত কংগ্ৰেছৰ ৭জন বিধায়কে বিজেপিত যোগদান কৰে ৷ ফলত সিং চৰকাৰৰ শক্তি ৪০লৈ বৃদ্ধি পায় ৷ ইপিনে, ন্যায়পালিকাৰ হস্তক্ষেপত শেহতীয়াভাবে চৰকাৰখন শক্তি ২৩জনলৈ হ্ৰাস পাইছে ।এনে অৱস্থাতে সংঘটিত শেহতীয়া ঘটনাৱলীয়ে চৰকাৰখনত চৰম অস্থিৰতাৰ সৃষ্টি কৰিছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com