অসম আৰক্ষীৰ অধীক্ষক পৰ্যায়ত ৰদবদল

অসম আৰক্ষীৰ অধীক্ষক পৰ্যায়ত ৰদবদল

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল ঘটাইছে ৰাজ্য চৰকাৰে।
Published on

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল ঘটাইছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা এক নিৰ্দেশনাযোগে ধুবুৰীৰ আৰক্ষী অধীক্ষক শ্ৰী যুৱৰাজক শিৱসাগৰৰ লিগিৰিপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়কৰূপে বদলি কৰিছে। আনহাতে, চৰাইদেউৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ধুবুৰীৰ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।তেওঁৰ স্থানত চৰাইদেউৰ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে বিশেষ শাখা(জেদ)ৰ আৰক্ষী অধীক্ষক এছ মিশ্ৰক।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com