
ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষণা কৰা তলাবন্ধৰ সময়চোৱাত কামৰূপ(মহানগৰ) জিলাত যাতে অসাধু ব্যৱসায়ীয়ে বয়-বস্তুৰ অত্যধিক মূল্যবৃদ্ধি ঘটাই মুনাফা লুটিব নোৱাৰে তাৰ ব্যৱস্থা কৰিলে ৰাজ্য চৰকাৰে। আজি খাদ্য আৰু যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পাছতে প্ৰশাসনে নিৰ্দেশ জাৰি কৰে যে জিলাখনত খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰাম আলু আৰু পিঁয়াজ ৩০টকা দামত বিক্ৰী কৰিব লাগিব। ইয়াতকৈ অধিক দাম কোনো ব্যৱসায়ীয়ে ল'ব নোৱাৰিব। আনহাতে, পাইকাৰী বজাৰত প্ৰতি কিলোগ্ৰাম আলুৰ দাম ২৪টকা আৰু প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ দাম ২৩টকা বান্ধি দিছে প্ৰশাসনে।
যোৱা দেওবাৰৰ পৰা নিশাৰ পৰা বলবত হোৱা ১৪ দিনীয়া তলাবন্ধৰ সময়ছোৱাত এনে দামতে আলু আৰু পিঁয়াজ বিক্ৰী কৰিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ তাতক্ষণিকভাবে বলবত হৈছে।