ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন নাকচ মুম্বাই আদালতৰ

আবেদনত ৰিয়াই কয় যে তেওঁ নিৰ্দোষী আৰু মিছাকৈ গোচৰত সাঙোৰা হৈছে ৷
ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন নাকচ মুম্বাই আদালতৰ

অভিনেতা সুশান্ত সিং ৰাজপুতৰ সন্দেহজনক আত্মহত্যাৰ গোচৰৰ তদন্তৰ আওতালৈ অহা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন নাকচ হৈছে। অলপতে গ্ৰেপ্তাৰ কৰা অভিনেত্ৰীগৰাকীক শুকুৰবাৰে নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰক সংস্থা(এন চি বি)-ই মুম্বাইৰ এখন বিশেষ আদালতত হাজিৰ কৰায়। আদালতে অভিনেত্ৰীগৰাকীৰ জামিন নামঞ্জুৰ কৰে ৷

তাৰ পাছতে ৰিয়াৰ অধিবক্তাই জনায় যে তেওঁলোক বম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বিষয়ে গুণাগঁথা কৰিছে। উল্লেখ্য যে অভিনেতা সুশান্তৰ ড্ৰাগছ সেৱনৰ সৈতে জড়িত গোচৰত এন চি বিয়ে ৰিয়াক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি গোচৰটোত ৰিয়াৰ ভ্ৰাতৃ সৌভিক চক্ৰবৰ্তীৰ লগতে আব্দুল বছিত নামৰ এজন লোক, জাইদ ৱিলতাৰা, দীপেশ সাৱন্ত আৰু ছেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰিছে ৷

আজি আটাইকেইজনৰ জামিন আদালতে নামঞ্জুৰ কৰে ৷ ৰিয়া আৰু তেওঁৰ ভ্ৰাতৃক এন ডি পি এছ আইনৰ ২৭-এ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে ৷ আনহাতে, জামিন আবেদনত ৰিয়াই কয় যে তেওঁ নিৰ্দোষী আৰু মিছাকৈ গোচৰত সাঙোৰা হৈছে ৷ এই ধাৰাত নিষিদ্ধ ড্ৰাগছত পুঁজি বিনিয়োগ আৰু ড্ৰাগছ ৰখা লোকক শাস্তি বিহা হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com