মৃত্যুৰ ওচৰত হাৰ মানিলে পথৰ কাষত এঘুমুটি মৰা গঁড়টোৱে

পাছত উদ্যান কৰ্তৃপক্ষই গঁড়টোৰ চিকিত্সাৰ ব্যৱস্থা কৰে যদিও শেষ ৰক্ষা নহ’ল
মৃত্যুৰ ওচৰত হাৰ মানিলে পথৰ কাষত এঘুমুটি মৰা গঁড়টোৱে
Published on: 

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কাজিৰঙাৰ সেই গঁড়টোৱে। বানত দিশহাৰা হৈ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ঘাইপথলৈ ওলাই আহি গঁড়টোৱে পথৰ কাষত এঘুমুটি মাৰিছিল। ইয়াৰ দৃশ্য কিছুদিন পূৰ্বে ভাইৰেল হৈছিল। যোৱা ১৭ জুলাইত ভাগৰুৱা গঁড়টোক বাগৰি বনাঞ্চলৰ বান্দৰ ধুবী অঞ্চলত ৰাষ্ট্ৰীয় পথৰ কাষত এনেদৰে বহু লোকে প্ৰত্যক্ষ কৰে। কোনো লোকে গঁড়টোৰ ফটো তুলি ছোচিয়েল মিডিয়াত আপলোড কৰে। গঁডটো অসুস্থ হৈছিল।

পাছত উদ্যান কৰ্তৃপক্ষই গঁড়টোৰ চিকিত্সাৰ ব্যৱস্থা কৰে যদিও শেষ ৰক্ষা নহ'ল। চিকিত্সকৰ নেৰানেপেৰা যত্ন সত্বেও গঁড়টোৱে শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে। কালি দিনৰ ১১ বজাত গঁড়টোক দেওপানী নৈৰ কাষত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে উদ্যানখনৰ বনৰক্ষীয়ে।এই কথা সদৰী কৰি টুইটাৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কয় যে বৰ্তমানে উপলব্ধ সৰ্বোত্তম চিকিত্সা প্ৰদানৰ পাছতো গঁড়টোৰ প্ৰাণৰক্ষা নপৰিল।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com