আস্ফা প্ৰত্যাহাৰৰ দাবী মুখ্যমন্ত্ৰী ৰিঅ'-চাংমাৰ

মুখ্যমন্ত্ৰী ৰিঅই কয়, " পৰিস্থিতিক লৈ মই কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ লগত কথা পাতিলো। পৰিস্থিতিকলৈ তেওঁ উদ্বিগ্ন হৈ আছে।"
আস্ফা প্ৰত্যাহাৰৰ দাবী মুখ্যমন্ত্ৰী ৰিঅ'-চাংমাৰ

 নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ' আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সশস্ত্ৰ বাহিনী বিশেষ (ক্ষমতা) আইন প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে ৷ শনিবাৰে সন্ধিয়া সেনাৰ গুলিত ৰাজ্যখনৰ মন জিলাৰ অটিঙত কমেও ১১ জন সাধাৰণ লোক নিহত হোৱাৰ পাছত মুখ্যমন্ত্ৰীদ্বয় আস্ফাক লৈ সৰব হৈ উঠিছে। দুয়োজন মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ ওচৰত আইনখন প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে ৷

এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী ৰিঅই কয়, " বৰ্তমানৰ পৰিস্থিতিক লৈ মই কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ লগত কথা পাতিলো। পৰিস্থিতিকলৈ তেওঁ উদ্বিগ্ন হৈ আছে।"  তেওঁ লগতে কয় যে এই বাৰ্তালাপৰ সময়ত তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰীক আস্ফা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। আইনখনক তেওঁ দেশৰ ভাৱমূৰ্তিত কালিমাৰূপে অভিহিত কৰে। উল্লেখ্য যে কাশ্মীৰ, নগালেণ্ড, অসম আৰু মণিপুৰ (একাংশ)-ত এই সশস্ত্ৰ বাহিনী বিশেষ (ক্ষমতা) আইন বলবত আছে। মুখ্যমন্ত্ৰী ৰিঅই লগতে কয় যে শনিবাৰৰ ঘটনাত নিহতসকলৰ পৰিয়াবৰ্গলৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। 

ইপিনে, মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমায়ো আস্ফা প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে। এটা টুইটতো তেওঁ এই দাবী উত্থাপন কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com