ঋতুপৰ্ণ পেগু হত্যাৰ চি আই ডি তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

চি আই ডিয়ে আজি গোচৰৰ তদন্তৰ দায়িত্ব চমজি ল’ব।
ঋতুপৰ্ণ পেগু হত্যাৰ চি আই ডি তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
Published on

গুৱাহাটীত মহানগৰীত কালি এটা উন্মত্ত লোকৰ দলে প্ৰাণ লোৱা ঋতুপৰ্ণ পেগুৰ হত্যাৰ চি আই ডি তদন্তৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৰ্বৰ ঘটনাটোক লৈ ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী সোণোৱালে যুৱকজনৰ হত্যাৰ তদন্ত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ(চি আই ডি)লৈ হস্তান্তৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই কথা সদৰী কৰি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ' দ্যা ছেণ্টিনেল ডিজিটেল'ক কয়, " আমি ইতিমধ্যে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো আৰু ঘটনাৰ তদন্ত অব্যাহত আছে। চি আই ডিয়ে আজি গোচৰৰ তদন্তৰ দায়িত্ব চমজি ল'ব। ইয়ে এক বিশুদ্ধ অপৰাধৰ ঘটনা। ভুক্তভাগীক ন্যায় প্ৰদানৰ বাবে আমি সকলো ব্যৱস্থাই গ্ৰহণ কৰিছো"। উল্লেখ্য যে  শুকুৰবাৰে সামান্য এখন চকীক লৈ হোৱা সাধাৰণ তৰ্কাতৰ্কিৰ আঁত ধৰি ২৬ যুৱকজনক একাংশ লোকে বৰ্বৰতাৰে হত্যা কৰে। অভিযোগ অনুসৰি যুৱকজনক হুছেইন আলী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। পিছফালৰ অতৰ্কিতে চোকা অস্ত্ৰেৰে যুৱকজনে ঋতুপৰ্ণক ডিঙিত আক্ৰমণ কৰি বগৰাই পেলায়। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও যুৱকজনৰ প্ৰাণৰক্ষা নপৰিল। আজি ইয়াৰ প্ৰতিবাদ মিছিং জনগোষ্ঠীয় সংগঠনকে ধৰি বহু লোকে প্ৰতিবাদ সাব্যস্ত কৰে। পুৱা হোৱা বৰষুণকো নেওচি বহুলোকে স্বতঃস্ফূৰ্তভাবে ৰাজপথলৈ ওলাই আহি এই নৃশংস কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ঋতুপৰ্ণৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনায়। এই নৃশংস ঘটনা সংঘটিত হয় এখন দোকানৰ ওচৰত। ইতিমধ্যে নুনমাটি আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এগৰাকী মহিলাসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন হ'ল হুছেইন আলী, দুলাল আলী, ইব্ৰাহীম আলী, মনুৱাৰা খাতুন আৰু আৰ্মান আলী।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com