অতি কম সময়তে ক'ৰ'নাৰ প্ৰতিষেধক আহিবঃ মোদী

প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো ভাৰতীয়ৰ বাবে ক’ৰ’নাৰ প্ৰতিষেধক উপলব্ধ কৰাবলৈ ভাৰত চৰকাৰে ৰূপৰেখা(ৰোড মেপ) প্ৰস্তুত কৰি আছে।
অতি কম সময়তে ক'ৰ'নাৰ প্ৰতিষেধক আহিবঃ মোদী
Published on: 

অতি কম সময়তে মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছ প্ৰতিৰোধক প্ৰতিষেধক বা ভেকচিন আহিব। ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে এই আশ্বাস বাণী প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো ভাৰতীয়ৰ বাবে ক'ৰ'নাৰ প্ৰতিষেধক উপলব্ধ কৰাবলৈ ভাৰত চৰকাৰে ৰূপৰেখা(ৰোড মেপ) প্ৰস্তুত কৰি আছে। এয়া অতি কম সময়তে সম্ভৱ বুলি মোদীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত ক'ৰ'নাৰ প্ৰতিষেধৰ পৰীক্ষণ বিভিন্ন পৰ্যায়ত আছে। সংশ্লিষ্ট বিজ্ঞানীৰ পৰা সেউজ সংকেত লাভ কৰিলেই বৃহত হাৰত এই প্ৰতিষেধক তৈয়াৰ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। মোদীয়ে লগতে কয় যে চূড়ান্ত অনুমতি লাভৰ পাছতে ক'ৰ'না ভেকচিন বিতৰণৰ ৰোড মেপ চৰকাৰে ঘোষণা কৰিব। উল্লেখ্য যে সম্প্ৰতি দেশত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৫ লাখ হৈছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com