এইবাৰ যান বাহন আইন উলংঘা কৰাৰ চালান ভগৱান ৰামৰ নামত: কিন্তু ক’ত এই ঘটনা?

এইবাৰ যান বাহন আইন উলংঘা কৰাৰ চালান ভগৱান ৰামৰ নামত: কিন্তু ক’ত এই ঘটনা?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২.০ ৰ মন্ত্ৰীসভাই লোকসভাত বৃহৎ পৰিমাণৰ ভোটত জয় লাভ কৰাৰ পিছতে সম্প্ৰতি দেশৰ ৰাজ্যত আৰম্ভ হোৱা নতুন যান বাহন আইনে সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীৰ নতুন যান বাহন আইনখনক ৰাজ্যসভা আৰু লোকসকভাত উত্থাপন কৰাৰ পিছত গৃহীত হয় ৷

সম্প্ৰতি এই আইনখন দেশৰ বহু ৰাজ্যত আইনলৈ পৰিণত হৈছে৷ যদিও বহু ৰাজ্যত এই খন আইনলৈ পৰিণত হোৱা নাই ৷ আৰু যান বাহন উলংঘাকাৰী লোকসকলে প্ৰায় ১০ গুণৰো অধিক জৰিমনা পৰিশোধ কৰিব লগা হৈছে ৷ কিন্তু এইবাৰ দিল্লীত আৰক্ষীয়ে ভগৱান ৰামৰ নামত যান বাহন উলংঘা কৰা সন্দৰ্ভত কটা বৃহৎ পৰিমাণৰ চালানৰ বিষয়টোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ আহক জানো ইয়াৰ সকলো তথ্য ৷

এক বিশেষ সূত্ৰৰ মত অনুসৰি ৰাজস্থানৰ এখন বাহন দিল্লীৰ ৰোহিনী উপস্থিত হোৱাৰ পিছতেই দিল্লী যান বাহন নিয়ন্ত্ৰণ কৰা আৰক্ষীয়ে যান বাহন আইন উলংঘা কৰাৰ কাৰণে জৰিমনা চালান দিয়ে ৷ আৰু বাহনখনৰ লোকজনৰ পৰা জৰিমনাৰ আদায় কৰে ১.৪১ লাখ টকা। উল্লেখ্য যে এই চালানখন হৈছে এতিয়ালৈকে যান বাহন আইন উলংঘা কৰাৰ কাৰণে পৰিশোধ কৰা আটাইতকৈ বৃহৎ পৰিমাণৰ ধনৰ চালান ৷

কিন্তু এই বৃহৎ পৰিমাণৰ জৰিমনাৰ গৰাকীৰ নাম চালানত লিখোতে আৰক্ষীয়ে ভূল বশত নাম লিখে ভগৱান ৰাম ৷ কিন্তু ভগৱান ৰামৰ প্ৰকৃত নামটো আছিল হৰমন ৰাম। গতিকে যান বাহন আৰক্ষীয়ে ভগৱান ৰামৰ নামত জৰিমনা পৰিশোধ কৰিব লগা কথাটো সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। আৰু হাঁহিৰ খোৰাকো জগাইছে ৷

যি কি নহওঁক সম্প্ৰতি ভগৱান ৰামৰ নামত আদায় কৰা এই জৰিমনাৰ পৰিমাণে সচকিত কৰি তুলিছে সকলোকে। উল্লেখ্য যে বিগত সময়ত যান বাহন আইন উলংঘা কৰি বহু লোকৰ ভৰাঁল উদং হৈছে ৷ গতিকে লোকসকলৰ এই আইন অমান্য কৰিলে সকলোৰে উপাৰ্জনৰ সমস্ত টকা যে জৰিমনাৰ নামত আদায় কৰিব লাগিব সেয়া নিশ্চিত ৷

সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷নতুন মটৰ পৰিবহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতেই দিল্লীত এগৰাকী দুচকীয়া বাহনৰ যাত্ৰীয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি লগত নৰখাৰ কাৰণে ২৩০০০ টকা জৰিমনা ভৰিব লগা হয় ৷ আনহাতে পশ্চিম বংগত আকৌ এগৰাকী অটোচালকে জৰিমনা ভৰে প্ৰায় ৩২,৫০০ টকা ৷ যাৱতীয় তথ্য লগত নৰখা,পঞ্জীকৃত যাৱতীয় তথ্য পাতি লগত নৰখা,ইন্সুৰেন্স,বায়ু প্ৰদূষণ,নাম্বাৰ প্লেট আৰু বিপদশংকুল যাত্ৰাৰ আদি বহু কেইটা বিষয়ৰ কাৰণে জৰিমনা দিয়ে ৩২,৫০০ টকা। গতিকে এই অৱস্থাই যান বাহন উলংঘাকাৰীক নাকী লগোৱাৰ লগতে কিছুমান যাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com