মিজোৰামত ৪.১ কোটি টকাৰ ড্ৰাগছ জব্দ, আটক ছয়জন

অবৈধ ড্ৰাগছবোৰ ৫০টা চূপৰ কেচত ভৰাই ,খালী এল পি জিত ছীল কৰি ৰখা হৈছিল
মিজোৰামত ৪.১ কোটি টকাৰ ড্ৰাগছ জব্দ, আটক ছয়জন

আইজল : সোমবাৰে এজন বিষয়াই জনোৱা মতে, দুটা ভিন্ন অনুসন্ধান অভিযানত মিজোৰাম আৰক্ষীয়ে ৪.১ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা লগতে এই ড্ৰাগছ সৰবৰাহ কৰা ছয়জন লোকক আটক কৰে। পূৰ্বৰ এক তথ্যৰ ভিত্তিত অসম সীমান্তৰ কোলাছিব জিলাত অৱস্থিত ভাইৰেঙ্টে থানাৰ জংচনত এখন ট্ৰাক জব্দ কৰে আৰক্ষী জোৱানে। আটক কৰা ট্ৰাকখনত আছিল খালী এল পি জি চিলিণ্ডাৰ।আৰক্ষীৰ দলটোৱে পৰীক্ষাৰ অন্তত ৬২৫ গ্ৰাম হেৰ'ইন উদ্ধাৰ কৰে যাৰ মূল্য প্ৰায় ৩.৪ কোটি টকা। খবৰ অনুসৰি ট্ৰাকখন অসম অভিমুখে গৈ আছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com