ৰাছিয়াত ক'ৰ'না ভাইৰাছৰ প্ৰথমটো ভেকচিনঃ ৰাষ্ট্ৰপতি পুটিনৰ ঘোষণা

ৰাছিয়াত ক'ৰ'না ভাইৰাছৰ প্ৰথমটো ভেকচিনঃ ৰাষ্ট্ৰপতি পুটিনৰ ঘোষণা

পুটিনে এই দাবী কৰি সংবাদ মাধ্যমক কয় যে তেওঁৰ দেশৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই ভেকচিনৰ ক্ৰিয়া দীৰ্ঘস্থায়ী হয়।
Published on

ৰাছিয়াই উদ্ভাৱন কৰিলে মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ বিশ্বৰ প্ৰথমটো ভেকচিন বা প্ৰতিষেধক। এই ভেকচিন ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ কন্যাক প্ৰদান কৰা হৈছে। এই দাবী স্বয়ং ৰাষ্ট্ৰপতি পুটিনৰ। ৰুছ ৰাষ্ট্ৰপতি পুটিনে এই দাবী কৰি সংবাদ মাধ্যমক কয় যে তেওঁৰ দেশৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই ভেকচিনৰ ক্ৰিয়া দীৰ্ঘস্থায়ী হয়। ইয়াৰ পঞ্জীয়ন ইতিমধ্যে সম্পন্ন কৰা হৈছে বুলিও তেওঁ দাবী কৰে।

ৰাষ্ট্ৰপতি পুটিনে লগতে কয় যে এই ভেকচিনৰ যাৱতীয় সকলো পৰীক্ষা-নিৰীক্ষা ইতিমধ্যে সম্পন্ন কৰা হৈছে আৰু তেওঁৰ দুই কন্যাৰ এগৰাকীক এই ভেকচিন প্ৰয়োগ কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com