ক'ৰ'নাৰ ভেকচিনঃ ভাৰতক তিনিশ নিযুত যোগান ধৰিব ৰাছিয়াই

ক'ৰ'নাৰ ভেকচিনঃ ভাৰতক তিনিশ নিযুত যোগান ধৰিব ৰাছিয়াই

ডাঃ ৰেড্ডীজৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিছে ৰাছিয়াৰ চৰকাৰী সংস্থা দ্যা ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডে
Published on

ক'ৰ'নাৰ সংহাৰ অব্যাহত থকাৰ সময়তে এক সুখবৰ প্ৰেৰণ কৰিছে ৰাছিয়াই। দেশখনে তৈয়াৰ কৰা ক'ৰ'নাৰ প্ৰতিষেধক বা ভেকচিন ভাৰতকো যোগান ধৰিবলৈ সাজু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাছিয়াৰ স্পুটনিক ভেকচিনৰ ক্লিনিকেল পৰীক্ষাৰ বাবে ভাৰতৰ ঔষধ কোম্পানী ডাঃ ৰেড্ডীজৰ সৈতে ৰাছিয়াৰ সংশ্লিষ্ট ঔষধ কোম্পানীয়ে চুক্তি স্বাক্ষৰ কৰিছে। তদুপৰি দেশখনে ভাৰতত বিতৰণৰ বাবে তিনিশ নিযুত টোপাল স্পুটনিক ভেকচিন যোগান ধৰিব ৷

ডাঃ ৰেড্ডীজৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিছে ৰাছিয়াৰ চৰকাৰী সংস্থা দ্যা ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডে ৷ এই কথা সদৰী কৰিছে ডাঃ ৰেড্ডীজ লেব'ৰেটৰীজৰ উপাধ্যক্ষ আৰু পৰিচালন সঞ্চালক জি ভি প্ৰসাদে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com