আন্তঃৰাজ্যিক ভ্ৰমণৰ পাছ দিওঁতে জনতাৰ সুৰক্ষাত গুৰুত্ব দিয়া হৈছেঃ  সিং

আন্তঃৰাজ্যিক ভ্ৰমণৰ পাছ দিওঁতে জনতাৰ সুৰক্ষাত গুৰুত্ব দিয়া হৈছেঃ সিং

যে ৰাজ্য চৰকাৰে সকলোৰে সুৰক্ষাৰ দিশ নিশ্চিত কৰিহে এনে পাছত অনুমোদন জনাইছে।
Published on

তলাবন্ধৰ ফলত দেশৰ বিভিন্ন স্থানত আবদ্ধ অসমৰ সহস্ৰাধিক লোকক উভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক ভ্ৰমণ বা অসমৰ পৰা বাহিৰলৈ যাবলৈ আৰু বাহিৰৰ পৰা অসমলৈ আহিবলৈও ইচ্ছ্যুক লোকক ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিছে।ইয়াক লৈ বহুজনে সংশয় প্ৰকাশ কৰিছে। কাৰণ এনে চলন-ফুৰণৰ জড়িয়তে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ আশংকা কৰিছে বহুজনে।

এনে সময়তে এইসকল লোকক আশ্বস্ত কৰি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান( আইন-শৃংখলা) জি পি সিঙে কয় যে ৰাজ্য চৰকাৰে সকলোৰে সুৰক্ষাৰ দিশ নিশ্চিত কৰিহে এনে পাছত অনুমোদন জনাইছে। এই সম্পৰ্কত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে এটা টুইটত কয়, " আমি যধে-মধে পাছ ইচ্ছ্যু কৰা নাই। সাৱধানতা অৱলম্বন কৰা হৈছে। অসমত থকা আৰু বাহিৰৰ পৰা আহিব বিচৰা লোকৰ সুৰক্ষাৰ দিশলৈ দৃষ্টি ৰখা হৈছে"। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com