বৰপুখুৰী কৃষিপামত মুখ্যমন্ত্ৰী সোণোৱালঃ উদ্যমী কৃষকৰে মত বিনিময়

এই কৃষকসকলে অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত অনবদ্য বৰঙণি আগবঢ়াই আহিছে ৷
বৰপুখুৰী কৃষিপামত মুখ্যমন্ত্ৰী সোণোৱালঃ উদ্যমী কৃষকৰে মত বিনিময়

বৰপুখুৰী কৃষিপামত মুখ্যমন্ত্ৰী সোণোৱালঃ উদ্যমী কৃষকৰে মত বিনিময়

ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাব অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰ্ষণতলাৰ বৰপুখুৰী কৃষিপামত উপস্থিত হৈ পামৰ উদ্যমী কৃষকসকলৰ সৈতে ভাব বিনিময় কৰে ৷ এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে কষ্টসহিষ্ণু কৃষকসকলক প্ৰশংসাও কৰে ৷ উল্লেখ্য যে এই কৃষকসকলে অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত অনবদ্য বৰঙণি আগবঢ়াই আহিছে ৷ মুখ্যমন্ত্ৰীয়ে এই উদ্যমী কৃষকসকলে আগবঢ়োৱা এই বৰঙণিক ভূয়সী প্ৰশংসা কৰে ৷ আনহাতে, সাতশ বিঘা ভূমি সামৰি খেতি কৰা শোণিতপুৰ জিলাৰ চকীঘাটৰ স্থানীয় যুৱকসকলৰ উদ্যমকো মুখ্যমন্ত্ৰী সোণোৱালে প্ৰশংসা কৰে ৷ এই ভ্ৰমণৰ সময়ত তেওঁ কৃষকসকলে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত কৃষকসকলে লাভ কৰা এখন ট্ৰেক্টৰৰ চালকৰ আসনতো বহে ৷

আনাহাতে, গুৱাহাটীত কৃষি বিভাগৰ এখন পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক কৃষি-কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ আহ্বান জনায় ৷ সভাত লগতে মুখ্যমন্ত্ৰীয়ে কৃষি বিভাগক প্ৰতিবছৰে অক্টোবৰৰ ভিতৰত কৃষকসকলক বীজ যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে সময়মতে কৃষকসকলে বীজ যোগান লাভ কৰিলে তেওঁলোকৰ উৎপাদন বৃদ্ধি পাব ৷ তদুপৰি তেওঁ অসমত উৎপাদিত কৃষিজাত সামগ্ৰীয়ে উত্তৰ-পূব আৰু দক্ষিণ-পূব এছিয়াৰ বজাৰ দখলতো গুৰুত্ব আৰোপ কৰে ৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে এটা টুইটত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ৰ ভিতৰত দেশৰ কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধিৰ আঁচনি লৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com