অসমৰ তিনিখন বিশ্ববিদ্যালয়ে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাব

অসমৰ তিনিখন বিশ্ববিদ্যালয়ে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাব

ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published on

ৰাজ্যত প্ৰথমবাৰৰ তিনিখন বিশ্ববিদ্যালয়ে আগন্তক শিক্ষাবৰ্ষত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীকো নামভৰ্তিৰ সুযোগ দিব। ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে শিক্ষা বিভাগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ এই সংক্ৰান্তীয় যাৱতীয় নিৰ্দেশ জাৰি কৰিছে। এই বিশ্ববিদ্যালয় তিনিখন হৈছে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়, নাৰায়নপুৰৰ মাধৱদেব বিশ্ববিদ্যালয় আৰু হোজাইৰ ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়। মঙলবাৰে স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত এই কথা ঘোষণা কৰে।

উল্লেখ্য যে এইবাৰ ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ বাবে ৰাজ্যত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিসমূহ অনলাইনৰ মাধ্যমেৰে কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। অলপতে বিযয়টোক লৈ উচ্চ শিক্ষা বিভাগে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে এক আলোচনাৰ আয়োজন কৰে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com