পণ্ডিতপ্ৰবৰ-সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামীৰ দেহাৱসান

বিশাল পাণ্ডিত্যৰ গৰাকী গোস্বামীক ২০১০ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।
পণ্ডিতপ্ৰবৰ-সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামীৰ দেহাৱসান
Published on: 

পণ্ডিতপ্ৰবৰ তথা সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামী আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ গোস্বামীৰ আজি পুৱতি নিশা গুৱাহাটীত দেহাৱসান ঘটে। পৰলোকপ্ৰাপ্তিৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি সত্ৰাধিকাৰ গোস্বামী অসুস্থ হৈ আছিল। যোৱা বছৰৰ ৫ ডিচেম্বৰত তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি হৈছিল। ইয়াৰ দুদিনৰ পাছত তেওঁক ৰাজ্য চৰকাৰৰ সহায়ত নতুন দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰা হয়।

উল্লেখ্য যে বিশাল পাণ্ডিত্যৰ গৰাকী গোস্বামীক ২০১০ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। তেওঁক ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটাও প্ৰদান কৰিছিল। তদুপৰি বিভিন্ন সন্মানীয় বঁটা-বাহনো তেওঁ লাভ কৰিছিল। সুদীৰ্ঘ কৰ্মময় জীৱনত সত্ৰাধিকাৰ গোস্বামীয়ে বহুসংখ্যক গ্ৰন্থ ৰচনা আৰু সম্পাদন কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com