শীৰ্ষ বাতৰি
একাউণ্টত নূন্যতম জমা নাৰাখিলেও নভৰে জৰিমণাঃ এছ বি আই
উল্লেখ্য যে বিমুদ্ৰাকৰণৰ পাছত এছ বি আইয়ে ছেভিংছ একাউণ্টত নূন্যতম ধন জমা নাৰিখিলে গ্ৰাহকক জৰিমণা বিহাৰ ব্যৱস্থা কৰে।
ক'ৰ'না মহামাৰীৰ ফলত ঘোষিত তলাবন্ধ বা ল'ক-ডাউন বহুতকে জটিলতাৰ দিশে ঠেলি দিয়াৰ সময়তে এক সকাহ ঘোষণা কৰিছে ভাৰতীয় ষ্টেট বেংক(এছ বি আই)-এ। সম্প্ৰতি এছ বি আইয়ে ঘোষণা কৰিছে যে ই ছেভিংছ একাউণ্টৰ গ্ৰাহকক একাউণ্টত নূন্যতম ধন জমা নাৰাখিলে জৰিমণা নিবিহে। একেদৰে এছ এম এছৰ বাবদো আৰোপ কৰা মাচুলৰ ব্যৱস্থা এছ বি আইয়ে প্ৰত্যাহাৰ কৰিছে।
উল্লেখ্য যে বিমুদ্ৰাকৰণৰ পাছত এছ বি আইয়ে ছেভিংছ একাউণ্টত নূন্যতম ধন জমা নাৰিখিলে গ্ৰাহকক জৰিমণা বিহাৰ ব্যৱস্থা কৰে। সম্প্ৰতি এই ব্যৱস্থা প্ৰত্যাহাৰৰ কথা ঘোষণা কৰি এছ বি আই কৰ্তৃপক্ষই আজি টুইটাৰত কয়, " এছ বি আইৰ ছেভিংছ একাউণ্ট থকা গ্ৰাহকসকলৰ বাবে সুখবৰ ! একাউণ্টত নূন্যতম জমা নথকাৰ বাবে আপোনালোকে জৰিমনা আৰু এছ এম এছৰ বাবদ মাচুল আদায় দিব নালাগে। "
আৰু পঢ়িব পাৰেঃ বাঘজান তৈলখাদৰ অগ্নি নিৰ্বাপনৰ তৃতীয় প্ৰচেষ্টাতো ব্যাঘাত

