বিচাৰপীঠৰ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অব্যাহতিৰ আবেদন খাৰিজ

বিচাৰপীঠৰ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অব্যাহতিৰ আবেদন খাৰিজ
Published on

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে অসমৰ অবৈধ বিদেশীৰ আশ্ৰয় শিবিৰ সন্দৰ্ভত গোচৰৰ শুনানিৰ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অব্যাহতিৰ আবেদন খাৰিজ কৰে।

ডিটেনচন শিবিৰ গোচৰৰ পৰা আবেদনকাৰী হৰ্ষ মান্দেৰৰ নাম কৰ্তন কৰে। অসমৰ ডিটেনচন শিবিৰত বন্দী হৈ থকা লোকৰ বিষয়টোৰ সন্দৰ্ভত আবেদনকাৰী হিচাপে উচ্চতম ন্যায়ালয়ে কৰ্তন কৰিছে হৰ্ষ মান্দেৰৰ নাম ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অব্যাহতি আবেদন খাৰিজৰ সন্দৰ্ভত কোৰ্টে প্ৰকাশ কৰে যে এই পদক্ষেপে কোৰ্টৰ ক্ষমতা ধবংস কৰিব ।

হৰ্ষ মান্দেৰে অসমৰ ডিটেনচন কেম্পত বন্দী লোকসকলৰ ত্ৰানকৰ্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰি এইক্ষেত্ৰত তেওঁৰ আবেদন উল্লেখ কৰা বিষয়ৰ পৰিবৰ্তে আন বিষয়ত মুখ্য ন্যায়াধীশে গুৰুত্ব অভিযোগ উত্থাপন কৰে । তেওঁ বন্দীসকলৰ শোচনীয় অৱস্থাৰ লগতে তেওঁলোকক দীৰ্ঘ সময়ৰ বাবে বন্দী কৰি ৰাখিব নোৱাৰাৰ কথা উল্লেখ কৰাৰ বিপৰীতে ন্যায়ালয়ে এই বিষয়টোৰ অচিলাৰে বিদেশী বহিস্কাৰত গুৰুত্ব দিছে বুলি কয়। তেতিয়া মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দিপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে তেওঁক কি যুক্তিত সেই কথা কৈছে তথা ইয়াৰ প্ৰমাণ কি সেই বিষয়ে প্ৰশ্ন কৰে ।তেতিয়া তেওঁ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্যৰ ভিত্তিত সেই কথা উল্লেখ কৰা বুলি কোৱাত বিচাৰপীঠে তেওঁক বিষয়টোৰ সন্দৰ্ভত ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশনা সমুহ পঢ়িবলৈ দিয়ে।

কোৰ্টে ডিটেনচন শিবিৰ গোচৰৰ পৰা আবেদনকাৰী হৰ্ষ মান্দেৰৰ নাম কৰ্তন কৰে। জেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষনক এমিকাচ কিউৰিৰ দায়িত্ব প্ৰদান কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com