আজি ৰাহুল গান্ধীৰ বৃটিছ নাগৰিকত্বৰ সন্দৰ্ভত কৰা আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে

আজি ৰাহুল গান্ধীৰ বৃটিছ নাগৰিকত্বৰ সন্দৰ্ভত কৰা আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে
Published on

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ নাগৰিকত্বৰ সন্দৰ্ভত কৰা আবেদন আজি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে । এটা কোম্পানীৰ তথ্যত ৰাহুল গান্ধী বৃটিছ নাগৰিক বুলি উল্লেখ কৰা তথ্য প্ৰকাশ কৰিছিল। এই আবেদন খনৰ লক্ষ্য আছিল ৰাহুল গান্ধীক লোকসভা নিৰ্বাচনৰ প্ৰতিদন্দ্বিতা কৰাৰ পৰা বহিষ্কাৰ কৰা বুলি প্ৰকাশ কৰে।

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰকাশ কৰে যে কিছুমান কোম্পানীয়ে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক বৃটিছ নাগৰিক বুলি উল্লেখ কৰিলেই, ৰাহুল গান্ধী বৃটিছ নাগৰিক হৈ যাব নেকি ?

বিজেপিৰ সাংসদ সুব্ৰমনিয়াম স্বামীয়ে ৰাহুলৰ গান্ধী বৃটিছ নাগৰিকত্বৰ সন্দৰ্ভত আবেদন দাখিল কৰিছিল । আবেদন খনত প্ৰকাশ কৰিছিল যে ৰাহুল গান্ধী বৃটিছ নাগৰিক । পূৰ্বতে গৃহ মন্ত্ৰালয়ে ৰাহুল গান্ধীলৈ এই আবেদনৰ ভিত্তিত তেওঁৰ নাগৰিকত্বৰ সন্দৰ্ভত প্ৰকাশ কৰিবলৈ জাননী জাৰি কৰিছিল ।

গৃহ মন্ত্ৰালয়ৰ ডিৰেক্টৰ বি চি জুচী য়ে প্ৰকাশ কৰে যে সুব্যমন্যাম স্বামীৰ পৰা মন্ত্ৰালয়ে ব্ৰিটিছ নাগৰিকত্ব ৰ তথ্য লাভ কৰিছে । ২০০৩ চনত আমেৰিকাৰ বেক’পচ লিমিটেড নামৰ কোম্পানীৰ এটাত উল্লেখ আছে বুলি প্ৰকাশ কৰে । কোম্পানীটোৰ ঠিকনা উইনষ্টিটাৰ ৫১ নং চাউথ গেট ষ্ট্ৰিট, হাম্পশ্ৰী SO23 9EH । ৰাহুল গান্ধী এই কোম্পানীটোৰ এজন পৰিচালক আৰু সভাপতি বুলি প্ৰকাশ কৰে ।

মন্ত্ৰালয়ে আবেদন খনৰ ওপৰত কয় ৰাহুল গান্ধীৰ জন্ম ১৯৭০ চনৰ ১৯ জুনত । আৰু ২০০৫ চনৰ ১০ অক্টোবৰ আৰু ২০০৬ চনৰ ৩১ অক্টোবৰৰ কোম্পানীটোৰ তথ্যত ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব থকা কথা প্ৰকাশ পাইছে।

উচ্চতম ন্যায়ালয়ে আবেদন খন খাৰিজ কৰাৰ পিছত কংগ্ৰেছে মন্তব্য কৰে যে জনসাধাৰণক মুল বিষয় বোৰৰ পৰা আতৰাই ৰাখিবলৈ বিজেপিয়ে এই আবেদন কৰিছিল । কংগ্ৰেছৰ মুখপাত্ৰ ৰাজদ্বীপ শ্বুৰজেৱালায়ে প্ৰচাৰৰ কৰে যে জন্মগত ভাৱে ৰাহুল গান্ধী ভাৰতীয় নাগৰিক বুলি সকলোৱে জানে। লগতে কয় যে মোদীৰ হাতত নিবনুৱা সমস্যা, কৃষি সংকট আৰু ক'লা ধনৰ সন্দৰ্ভত কোনো উত্তৰ নাই কাৰণে জনসাধাৰণক মুল বিষয় বোৰৰ পৰা আতৰাই ৰাখিবলৈ এই আবেদন দিছিল ।

লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে আমেথি সমষ্টিৰ পৰা প্ৰতিদন্দ্বিতাৰ কৰিব । নিৰ্বাচনী বিষয়ায়ে ৰাহুল গান্ধীৰ মনোনয়ন পত্ৰ বৈধ বুলিও প্ৰকাশ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com