১৫মে’ৰ পাছত ৰাজ্যত পুনৰ বিদ্যালয়ত পাঠদানৰ সম্ভাৱনা

১৫মে’ৰ পাছত ৰাজ্যত পুনৰ বিদ্যালয়ত পাঠদানৰ সম্ভাৱনা

ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত বন্ধ থকা ৰাজ্যৰ বিদ্যালয়সমূহত অহা ১৫মে’ৰ পাছত পুনৰ পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ক’ৰ’না মহামাৰীৰ প্ৰাৰ্দুভাৱৰ বাবে যোৱা ১৫ মাৰ্চৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়ৰ বন্ধ ঘোষণা কৰা হয়। এই সম্পৰ্কত শিক্ষা বিভাগৰ সূত্ৰই জনোৱা মতে, যদিও অহা তিনি মে’ত চলিত দেশজোৰা তলাবন্ধৰ ম্যাদ অন্ত পৰিব, কিন্তু বিদ্যালয়সমূহ ১৫ মে’ৰ পাছতহে মুকলিৰ সম্ভাৱনা আছে। আনহাতে, প্ৰায় তিনি মাহ অসময়ত বিদ্যালয় বন্ধ দিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত এইবছৰ গ্ৰীষ্ম-বন্ধৰ পোষকতা কৰা নাই ৰাজ্যৰ শিক্ষক সমাজে। এই সম্পৰ্কত এগৰাকী শিক্ষকে কয়, “ এই বন্ধৰ ফলত অপূৰণীয় ক্ষতি হৈছে। সেয়েহে আমি এইবাৰ গ্ৰীষ্ম বন্ধ বিচৰা নাই। আমি গ্ৰীষ্ম বন্ধৰ সময়ছোৱাতো পাঠদান কৰিবলৈ সাজু আছো”। আনহাতে, কালিৰ পৰা ৰাজ্যত চৰকাৰী কাৰ্যালয় আংশিকভাবে খোল খাইছে। ক’ৱিড-১৯ অ-প্ৰভাৱিত অঞ্চল বা স্থানত চৰকাৰী-বেচৰকাৰী কাম-কাজ তথা সেৱা মুকলিৰ ব্যৱস্থা কৰিছে.। এই তালিকাত অন্তৰ্ভুক্ত সেৱা আৰু কাম-ক—সমূহ হৈছেঃ

ইয়াৰ এখন তালিকা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। এই তালিকাত অন্তৰ্ভুক্ত সেৱা আৰু কাম-কাজসমূহ হৈছেঃ

১) ২১ এপ্ৰিলৰ পৰা কৃষি-উদ্যান শস্যৰ সৈতে জড়িত সকলো কাম-কাজ আৰম্ভ কৰিব পাৰিব। লগতে পশু-পালনৰ সকলো কাম-কাজ আৰম্ভ হ’ব।

২) সাগৰীয় বা অন্যান্য খণ্ডৰ মৎস্য উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিব মৎস্য উৎপাদনকাৰীয়ে।

৩) ২১ এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্ৰী, মটৰ মেকানিক, কম্পিউটাৰ, মোবাইল মেকানিকে মানুহৰ ঘৰত গৈ বেয়া হোৱা সামগ্ৰীৰ মেৰামতি কৰিব পাৰিব।

৪) ২১ এপ্ৰিলৰ পৰা কৃষি-উদ্যান শস্যৰ সৈতে জড়িত সকলো কাম-কাজ আৰম্ভ কৰিব পাৰিব। লগতে পশু-পালনৰ সকলো কাম-কাজ আৰম্ভ হ’ব।

৫) সাগৰীয় বা অন্যান্য খণ্ডৰ মৎস্য উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিব মৎস্য উৎপাদনকাৰীয়ে।

৬) এনৰেগা আঁচনিৰ অধীনৰ কাম অহা ২১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। অৱশ্যে কাম কৰা শ্ৰমিকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু তেওঁলোকেও সামাজিক দূৰত্ব মানি চলিব লাগিব।

৭) ৰাজ্য চৰকাৰৰ অধীনৰ কাৰ্য্যালয়সমূহ উক্ত দিনাৰ পৰা মুকলি হোৱাৰ লগতে ব্যক্তিগত বা বাণিজ্যিক কাৰ্য্যালয়ৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব।অৱশ্যে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে ৫০ শতাংশ বিষয়া-কৰ্মচাৰীৰে চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়সমূহ চলাব লাগিব।

৮) সা-সামগ্ৰী কঢ়িওৱা বাহনসমূহ চলাচল কৰিব পাৰিব। লগতে কাৰ্য্যালয়লৈ যাবলৈ ব্যৱহৃত সকলো বে-চৰকাৰী বাহনকো অনুমতি প্ৰদান কৰা হৈছে।

৯) ঔদ্যোগিক খণ্ডতো চৰকাৰী বা বেচৰকাৰী উদ্যোগত সীমিত সংখ্যক শ্ৰমিক কৰ্মচাৰীৰে কাম আৰম্ভ কৰিব পাৰিব।

অৱশ্যে এই সুবিধাসমূহ ক’ৰ’না মহামাৰীৰ কৱলত পৰা অঞ্চলসমূহৰ বাবে উপলব্ধ নহ’ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com