ক’ৱিড-১৯ৰ তলাবন্ধঃ অসমত ব্যক্তিগত বিদ্যালয়ৰ মাছুল ৰেহাই

ক’ৱিড-১৯ৰ তলাবন্ধঃ অসমত ব্যক্তিগত বিদ্যালয়ৰ মাছুল ৰেহাই
Published on

ক’ৱিড-১৯ৰ তলাবন্ধঃ অসমত ব্যক্তিগত বিদ্যালয়ৰ মাছুল ৰেহাই। সমগ্ৰ বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ৰ’না মহামাৰীয়ে।‌ এই মহামাৰীত ভাৰততো বহু হাজাৰ লোক আক্ৰান্ত হোৱাৰ লগতে ৩০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।‌

তদুপৰি অসমতো প্ৰায় ৩২ জন‌ লোক আক্ৰান্ত হৈছে এই মহামাৰীত। ইয়াৰে হাইলাকান্দিৰ এজন ব্যক্তিৰ মৃত্যু হৈছে।‌

দেশৰ পৰিস্থিতি জটিল হৈ উঠাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ মে'লৈ ঘোষণা কৰিছে লকডাউন । এই সময়চোৱাত দেশৰ সকলো ধৰণৰ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বিদ্যালয় আদি বন্ধ আছে।

ইয়াৰ মাজতে অসমৰ ওদালগুৰি জিলাৰ টংলা চহৰৰ অন্তৰ্গত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ক’ৱিড-১৯ ৰ সংকটৰ বাবে ছাত্ৰ-ছাত্ৰীক এমাহৰ মাচুল ৰেহাই দিছে।

লকডাউনৰ সময়ত অভিভাৱকসকলক আৰ্থিক সংকটৰ পৰা কিছু পৰিমাণে ৰেহাই দিয়াৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

চহৰৰ এখন প্ৰমুখ্য বিদ্যালয় টংলা ইংলিছ মিডিয়াম হাইস্কুল কৰ্তৃপক্ষই বুধবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।‌

এই কথা সদৰী কৰি বিদ্যালয় কৰ্তৃপক্ষৰ এগৰাকী সঞ্চালক মহেন্দ্ৰ ভৰালীয়ে কয়, ' আমি সম্পূৰ্ণ ৰূপে বুজি পাওঁ যে ক’ৱিড-১৯ মহামাৰীৰ এই সময়ছোৱাত সাধাৰণ লোকক আৰ্থিক সমস্যাৰ পৰা কিঞ্চিত সকাহ দিয়াৰ উদ্দেশ্য আমি এই ব্যৱস্থা গ্ৰহণ কৰিছো। আমি এমাহৰ বাবে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ মাছুল ৰেহাই দিছো" ।‌

বিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপক অভিভাৱকসকলে শলাগ লৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com