৬ জুনত মেট্ৰিকৰ ফলাফল ঘোষণা, কেৱল ৱেবছাইট-এপটহে ফলাফল

ছেবাই উক্ত পৰীক্ষাৰ ফলাফল কেৱল ৱেবছাইট আৰু এপতহে ঘোষণা কৰিব
৬ জুনত মেট্ৰিকৰ ফলাফল ঘোষণা, কেৱল ৱেবছাইট-এপটহে ফলাফল

৬ জুনত মেট্ৰিকৰ ফলাফলঃ ছেবাৰ ঘোষণা

অহা ৬জুনত অসম মাধমিক শিক্ষা ব'ৰ্ড(ছেবা)ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হ'ব ৷ সোমবাৰে এই কথা প্ৰকাশ কৰি ব'ৰ্ডে কয় যে ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে বলবৎ থকা সকলো নীতি-নিয়ম মানি চলি অহা ৬ জুনত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ৷ ছেবাই উক্ত পৰীক্ষাৰ ফলাফল কেৱল ৱেবছাইট আৰু এপতহে ঘোষণা কৰিব ৷ গুগল প্লে-ষ্ট'ৰৰ পৰা বিনামূল্যে ফলাফলৰ তালিকা ডাউনল'ড কৰিব পাৰিব ৷ তদুপৰি ১৪টা ৱেবছাইটতো ফলাফল উপলবদ্ধ হ'ব বুলি ছেবাই ঘোষণা কৰিছে ৷ উল্লেখ্য যে এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰায় ৩.৫লাখ ছাত্ৰ-ছাত্ৰী অৱৰ্তীৰ্ণ হৈছে ৷

পৰীক্ষাৰ ফলাফল নিম্নোক্ত বেবছাইটসমূহত চাব পাৰিবঃ

results.sebaonline.org, resultsassam.nic.in, www.examresults.net, www.examresults.net/assam/, www.indiaresults.com exametc.com, www.newsnation.in, www.newsstate.com, https://iresults.net, AssamjobAlerts.com,  www.results.siksha, www.assam.siksha, www.jagranjosh.com

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com