সেনা আৰক্ষীৰ যৌথ অভিযানত জালত পৰিল সাত কে এল অ' উগ্ৰপন্থী

KLO
KLO
Published on

সেনা আৰক্ষীৰ যৌথ অভিযানত জালত পৰিল সাত কে এল অ' উগ্ৰপন্থী

সেনা-আৰক্ষীৰ যৌথ অভিযানত জালত পৰিল সাত কে এল অ' উগ্ৰপন্থী। ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে চলোৱা এক অভিযানত কোকৰাঝাৰ জিলাত নিষিদ্ধঘোষিত সংগঠন কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেছন(কে এল অ')ৰ সাত‌জন নেতা-কৰ্মী জালত পৰিছে ।

সুৰক্ষাকৰ্মীয়ে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলি বাৰুদ ধৃত উগ্ৰপন্থীকেইজনৰ পৰা জব্দ কৰে ।

আৰক্ষী সূত্ৰই জনোৱা মতে, এন ডি এফ বিয়ে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পাছত কে এল অ'ই নামনি অসমত সাংগঠনিক স্থিতি শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছে ৷

এই উদ্দেশ্য সংগঠনটোৱে সদস্য ভৰ্তি কৰি আছে । কোকৰাঝাৰ জিলাৰ চক্ৰশিলা সংৰক্ষিত বনাঞ্চলত কে এল অ'ৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম আৰক্ষী আৰু ভাৰতীয় সেনাই যুটীয়া অভিযান আৰম্ভ কৰে ৷ এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে সাতজন কে এল অ' উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।

এই কথা সদৰী কৰি গুৱাহাটীস্থিত প্ৰতিৰক্ষা বাহিনীৰ জনসম্পৰ্কৰক্ষী বিষয়া কোল পি খোঙে জনোৱা মতে, কে এল অ'ই এই সদস্যভৰ্তি অভিযান ২০১৯-ৰ ডিচেম্বৰ মাহত আৰম্ভ কৰিছিল আৰু এইটো চলাই আছিল লংকেশ্বৰ কোচ আৰু আলিয়াছ লাম্বুৱে ।

ভিডিঅ' প্ৰত্যক্ষ কৰক : GMC launches eviction drive against Bamboo and Meat Shops at Bhootnath Area.

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com