স্বস্তিৰ বতৰাঃ অসমত সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতিল আৰু সাত ক'ৱিড আক্ৰান্ত

চিকিৎসাধীন সাতজন ক'ৰ'না আক্ৰান্ত সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল
স্বস্তিৰ বতৰাঃ অসমত সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতিল আৰু সাত ক'ৱিড আক্ৰান্ত
Published on

স্বস্তিৰ বতৰাঃ অসমত সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতিল আৰু সাত ক'ৱিড আক্ৰান্ত

ক'ৰ'না আতংকৰ মাজতে এক সুখবৰ! চিকিৎসাধীন সাতজন ক'ৰ'না আক্ৰান্ত সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল ৷ এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই ক'ৰ'না আক্ৰান্ত কেইজন ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷ আটাইকেইজনক চিকিৎসালয়ৰ পৰা আজি যৰবলৈ দিয়াৰ কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই এটা টুইটত কয়, " আজি সাতজন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ৷ এইসকলৰ মাজত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ডাঃ লিটিকেশ দাসো আছে ৷ আনকেইজনৰ দুজন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু দুজন শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷" এই সাতজনক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ লগে লগে ৰাজ্যত চিকিৎসাধীন ক'ৰ'না আক্ৰান্তৰ সংখ্যা বা কতৰ'না পজিটিভ লোকৰ সংখ্যা ১০২জনলৈ হ্ৰাস পাইছে ৷

উল্লেখ্য যে কালিৰ দিনটোত বিগত দিনসমূহৰ তুলনাত সৰ্বাধিক ৪২জন ক'ৰ'না চিনাক্ত হয় ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কালিৰ দিনটোক এটা ক'লা দিনৰূপে চিহ্নিত কৰা হৈছে ৷ আনহাতে, দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যা লক্ষাধিক হৈছে ৷ তদুপৰি এই পৰ্যন্ত ৩,৩১৬জন ক'ৰ'না আক্ৰান্ত মৃত্যুমুখত পৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com