দোকান গৃহৰ গৰাকীৰ তালিকা অনুসৰি খুলিব পাৰিব ৰেস্তোৰাঁ

biswajit pegu
biswajit pegu

দোকান গৃহৰ গৰাকীৰ তালিকা অনুসৰি খুলিব পাৰিব ৰেস্তোৰাঁ

দোকান গৃহৰ গৰাকীয়ে প্ৰস্তুত কৰা তালিকা গুৱাহাটীত ব্যৱসায়ীসকলে ৰেস্তোৰাঁ খুলিব লাগিব। এনে নিৰ্দেশনা জাৰি কৰিছে কামৰূপ (মহানগৰ')জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে। উপায়ুক্ত পেগুৱে কয় যে দোকানগৃহৰ মালিকসকলে ক'ৱিড-১৯ৰ নীতি-নিৰ্দেশনা অনুসৰি ৰেস্তোৰাঁ খুলিব পাৰিব। সোমবাৰে সংবাদ মাধ্যমৰ আগত উপায়ুক্তজনে কয় যে তৃতীয় পৰ্যায়ৰ লকডাউন নিয়ম আৰু প্ৰতিবন্ধৰ ওপৰত চৰ্চা কৰাৰ বাবে বিভিন্ন ব্যৱসায়ী সংগঠন, প্ৰতিষ্ঠান , বজাৰ সংঘ আদিৰ লগত আলোচনা কৰা হৈছে ।

দোকানীসকলে তেওঁলোকৰ মালিকৰ দ্বাৰা আৰোপিত নিয়মসমূহ পালন কৰিব লাগিব। যদি কোনোৱে নীতি-নিয়ম উলংঘন কৰে, তেন্তে মালিক আৰু দোকানী দুয়োৰে বিৰুদ্ধে তদন্ত কৰা হ'ব আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ আইনৰ অধীনত অনুজ্ঞাপপত্ৰ বাতিল কৰা হ'ব ।

মহামাৰী ক'ৱিড-১৯ৰ শৃংখলা ভাঙিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪০ দিনৰ লকডাউনৰ ঘোষনা কৰিছিল । দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই লকডাউন ১৭ মে' লৈ বৃদ্ধি কৰি হয় যদিও সোমবাৰৰ পৰা অসম চৰকাৰে এই লকডাউনত কিছু শিথিলতা ঘোষণা কৰে।

কামৰূপ (মহানগৰ) ত ৬৫,০০০ খন খুচুৰা দোকান আৰু প্ৰায় ১,২০০ খন পাইকাৰী দোকান আছে । সকলো দোকান সন্ধিয়া ৫ বজালৈ খুলিব পাৰিব কিন্তু দেওবাৰে বন্ধ থাকিব। অৱশ্যে চৰকাৰৰ নিৰ্দেশ অনুসৰি অকলশৰীয়া দোকানসমূহ খোলা থাকিব।

আনহাতে, ব্যৱসায়িক গোষ্ঠীৰ অনুৰোধ মৰ্মে উপায়ুক্তজনে দোকান ভৱনৰ মালিকসকলক কিছু পৰিমাণে ভাড়াৰ মূল্য কম কৰিবলৈ অনুৰোধ জনায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com