এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ জালত পৰিল খলনায়ক দত্তৰ চালক

তেওঁ এই নিযুক্তি পৰীক্ষাৰ সকলো প্ৰাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ ওচৰত ক্ষমাপ্ৰাৰ্থনাও বিচাৰিছে ৷
এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ জালত পৰিল খলনায়ক দত্তৰ চালক

অসম আৰক্ষীৰ শেহতীয়া উপ-পৰিদৰ্শক(এছ আই) নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ এজনৰ পাছত আনজনকৈ অভিযুক্ত জালত পৰিছে ৷ এই বিয়াগোম কেলেংকাৰিৰ খলনায়ক অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক (ডি আই জি) পি কে দত্তৰ গাড়ীচালকজনক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চি আই ডিক হস্তান্তৰ কৰে ৷ একালৰ মহাপ্ৰতাপী আৰক্ষী বিষয়া দত্তৰ গাড়ীচালকজনক আৰক্ষীয়ে দৰং জিলাৰ দলগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ ধৃত চালকজনৰ নাম আনোৱাৰ হুছেইন ৷ তদুপৰি তদন্তকাৰীয়ে দত্তৰ মালিকানাধীন গুৱাহাটীৰ গড়চুকৰ হোটেল ভাৰ্গৱ ইন ছীল কৰিছে। উল্লেখ্য যে এই বিয়াগোম নিযুক্তি কেলেংকাৰিত দত্ত জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পাছত তেওঁক বিচাৰি তেওঁৰ গুৱাহাটীস্থিত প্ৰাসাদোপম অট্টালিকাত চি আই ডিৰ দল উপস্থিত হয় যদিও দত্তৰ শুংসূত্ৰ নাপালে ৷

তাৰ পাছতে চি আই ডিয়ে তেওঁৰ ভাৰ্গৱ হোটেলত তালাচী চলায় ৷ অভিযোগ অনুসৰি এই এছ আই নিযুক্তি পৰীক্ষাৰ পূৰ্বে অসাধু চক্ৰই গুৱাহাটীৰ গণেশগুৰিৰ থেংক ইউ ল'জত অবৈধ পৰীক্ষা অনুষ্ঠিত কৰিছিল ৷ এই ল'জৰ পৰা ইতিমধ্যে তদন্তকাৰীয়ে উক্ত পৰীক্ষাৰ প্ৰশ্নকাকতকে ধৰি কেতবোৰ আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিছে ৷ আনহাতে, জালত পৰা এজন অভিযুক্তই জেৰাত প্ৰকাশ কৰা অনুসৰি তেওঁ এছ আই চাকৰিৰ বাবে প্ৰাক্তন ডি আই জি দত্তক পাঁচ লাখ টকাৰ ঘোচ দিছিল ৷

বৰ্তমানলৈকে দত্তই আত্মগোপন কৰি আছে ৷ ইপিনে, ৫৯৭টা এছ আই পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত সংঘটিত কেলেংকাৰিৰ দায়িত্ব স্বীকাৰ কৰি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডৰ মুৰব্বী তথা অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন আই পি এছ বিষয়া প্ৰদীপ কুমাৰে৷ তেওঁ এই নিযুক্তি পৰীক্ষাৰ সকলো প্ৰাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ ওচৰত ক্ষমাপ্ৰাৰ্থনাও বিচাৰিছে ৷ এই কেলেংকাৰিত একাংশ বিজেপি নেতা জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com