বিজেপিলৈ গায়ক সীমান্ত শেখৰসহ ২৭ শিল্পী

উল্লেখ্য যে সীমান্ত শেখৰে বিগত লোকসভা নিৰ্বাচনত আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীত গাইছিল।
বিজেপিলৈ গায়ক সীমান্ত শেখৰসহ ২৭ শিল্পী
Published on: 

অৱশেষত বিজেপিত যোগদান কৰিলে জনপ্ৰিয় সংগীত শিল্পী সীমান্ত শেখৰসহ ২৭গৰাকী শিল্পী। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত আয়োজিত এক অনুষ্ঠানত এই শিল্পীসকলে শাসক দলত যোগদান কৰে।উল্লেখ্য যে সীমান্ত শেখৰে বিগত লোকসভা নিৰ্বাচনত আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীত গাইছিল।

অনুষ্ঠানত সীমান্ত শেখৰসহ বিজেপিত যোগদান কৰাসকলৰ মাজৰ উল্লেখযোগ্য শিল্পীসকল হ'ল আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা, অভিনেত্ৰী, ৰেবা ফুকন, প্ৰাঞ্জনা দত্ত আদি।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিদ্যাসাগৰ আৰু অভিনেত্ৰী আশা বৰদলৈয়ে বিজেপিত যোগদান কৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com