বিজেপিলৈ সীমান্ত শেখৰ-দীপক শৰ্মাসহ বহু শিল্পী

ইয়াৰ পূৰ্বে অভিনেত্ৰী আশা বৰদলৈ আৰু সংগীত শিল্পী বিদ্যাসাগৰে বিজেপিত যোগদান কৰে
বিজেপিলৈ সীমান্ত শেখৰ-দীপক শৰ্মাসহ বহু শিল্পী
Published on: 

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত জনপ্ৰিয় সংগীত শিল্পী সীমান্ত শেখৰ আৰু প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ বিজেপি গমন নিশ্চিত হ'ল। প্ৰাপ্ত তথ্য অনুসৰি দুয়োগৰাকী শিল্পীয়ে আজি শাসক দলত যোগদান কৰিব। এনেদৰে ৰাজনৈতিক বতাহ উতপ্ত কৰি সীমান্ত শেখৰ আৰু বাঁহীবাদক শৰ্মাৰ লগতে আন কে'বাগৰাকী শিল্পীয়ে বিজেপি গমন কৰাটো প্ৰায় নিশ্চিত হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে অভিনেত্ৰী আশা বৰদলৈ আৰু সংগীত শিল্পী বিদ্যাসাগৰে বিজেপিত যোগদান কৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com