ক'ৰ'নাৰ প্ৰভাৱঃ সংস্থাপন নাপাব ২৭লক্ষাধিক যুৱক-যুৱতীয়ে

ৰাজ্যত নিবনুৱাৰ হাৰ বৰ্তমানৰ ৮শতাংশৰ পৰা ১৬ৰ পৰা ২৭শতাংশ পৰ্যন্ত বৃদ্ধিৰ আশংকা আছে ৷
ক'ৰ'নাৰ প্ৰভাৱঃ সংস্থাপন নাপাব ২৭লক্ষাধিক যুৱক-যুৱতীয়ে

ক'ৰ'না মহামাৰীয়ে আৰ্থিক ক্ষেত্ৰতো এক জটিল সংকট সৃষ্টি কৰাৰ আভাস বহন কৰিছে ৷ এই মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষণা কৰা তলাবন্ধ বা ল'ক-ডাউনৰ ফলত ৰাজ্যত ২৭লক্ষাধিক যুৱক-যুৱতী কৰ্মসংস্থাপনহীন হৈ ৰোৱাৰ আশংকা আছে৷ স্বয়ং ৰাজ্য চৰকাৰৰ সংস্থাই এনে এক ইংগিত দিছে৷ ৩১আগষ্টৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ চলিত গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰথমদিনা ৰাজ্যিক উদ্ভাৱনা আৰু ৰুপান্তৰণ আয়োগ (SITA)-এ এখন প্ৰতিবেদন দাখিল কৰে৷ এই প্ৰতিবেদনত আঙুলিয়াই দিয়া হৈছে যে ক'ৱিড-১৯ তথা ল'ক-ডাউনৰ ফলত ৰাজ্যত কৰ্মসংস্থাপনহীন যুৱক-যুৱতীৰ সংখ্যা ২৭লক্ষাধিক হ'ব ৷ ইয়াৰ ফলত ৰাজ্যত নিবনুৱাৰ হাৰ বৰ্তমানৰ ৮শতাংশৰ পৰা ১৬ৰ পৰা ২৭শতাংশ পৰ্যন্ত বৃদ্ধিৰ আশংকা আছে ৷

SITA-এই প্ৰতিবেদন গুৱাহাটীৰ অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ ছ'চিয়েল চেঞ্জ ডেভেলপমেণ্ট আৰু নতুন দিল্লীৰ আই চি এছ এছ আৰৰ সহযোগত প্ৰস্তুত কৰিছে ৷ প্ৰতিবেদনখনৰ আন এক উদ্বেগজনক তথ্য হ'ল যে ক'ৱিড-১৯ৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৬৭লাখ লোকৰ জীৱিকাত ব্যাঘাত জন্মিম ৷ প্ৰতিবেদনখনৰ মতে, অ-নিয়মীয়া শ্ৰমিক আৰু স্ব-সংস্থাপিত লোক অধিক দুখ-দুৰ্দশাৰ সন্মুখীন হ'ব। ক'ৰ'নাৰ প্ৰাদুৰ্ভাৱৰ পাছত বহিঃৰাজ্যৰ পৰা ঘৰলৈ বহু লোক ঘূৰি অহাটোৱে আন এক সমস্যাৰ সৃষ্টি কৰিব ৷ দৰিদ্ৰতাৰ হাৰ ৫০শতাংশ পৰ্যন্ত হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com