

নতুন দিল্লীঃ(NEW DELHI) অতি উগ্ৰ 'অনলি ফেনছ' অনুগামীকো বিমোৰত পেলাব পৰা এনে এক কাৰ্য্যৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে এজন ভাৰতীয় লোকক।
নতুন দিল্লীৰ উত্তম নগৰৰ পৰা অহা সন্দীপে পত্নীৰ সৈতে ভিডিঅ' কলৰ সময়ত পত্নী গা ধুই থকাৰ সময়তে ৰেকৰ্ডিং কৰিছিল আৰু পিছত ফেচবুকত স্পষ্ট ছবিসমূহ আপলোড কৰিছিল। ৩ বছৰতকৈও অধিক হ'ল এই যুটিৰ বিবাহ।
মহিলাগৰাকীয়ে বাৰে বাৰে ছবিবোৰ নমাই দিবলৈ অনুৰোধ কৰাৰ পিছতো চাৰ্কাচৰ কৰ্মচাৰী হিচাপে পৰিগণিত হোৱা লোকজনে তেনে কৰিবলৈ অস্বীকাৰ কৰে।
অৱশেষত ,তাই থানাৰ কাষ চাপিছিল আৰু মানুহজনৰ ফেচবুক একাউণ্টটো ডিলিট কৰি তথ্য প্ৰযুক্তি (আই টি) আইন ৬৭ নং ধাৰা অনুসৰি এটা গোচৰ ৰুজু কৰা হয়।
অভিযোগকাৰী গৰাকীয়ে অভিযোগ কৰিছে যে, তেওঁৰ স্বামী এজন "ছ'চিয়েল মিডিয়া আসক্ত" আছিল আৰু তেওঁ প্ৰায়ে ভিডিঅ' কলৰ জৰিয়তে তেওঁৰ সৈতে কথা পাতিছিল। খবৰ অনুসৰি পত্নীয়ে আৰক্ষীক জনোৱা মতে, গা ধোৱাৰ সময়ত ৰেকৰ্ডিং হোৱাৰ বিষয়ে তেওঁ অজ্ঞাত আছিল আৰু ফেচবুকত ছবিসমূহ দেখি তেওঁ "স্তম্ভিত" হৈছিল।
তেওঁ আৰু দাবী কৰে যে ,তেওঁ ছবিসমূহ আপলোড কৰিছিল কাৰণ তেওঁ "নিজৰ ছ'চিয়েল মিডিয়া ফ'ল'ৱাৰ বৃদ্ধি কৰিব বিচাৰিছিল"।
ছবিসমূহ আপলোড কৰাৰ পিছতে মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁ বিভিন্ন অজ্ঞাত নম্বৰৰ পৰা ফোন আহি আছিল।
আৰক্ষী অধীক্ষক (গ্ৰাম্য) ৰণবিজয় সিঙে জনোৱা মতে, পত্নীৰ এজাহাৰৰ ভিত্তিত ফিৰোজাবাদ জিলাৰ অন্তৰ্গত যশৰানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু দম্পতীহালক বক্তব্য ৰেকৰ্ড কৰাৰ বাবে থানালৈ মাতি অনা হ'ব।
সিঙে সংবাদ মাধ্যমক জনোৱা মতে, যুটিটোৰ বক্তব্য ৰেকৰ্ড কৰাৰ পিছত 'যথাযথ ব্যৱস্থা' গ্ৰহণ কৰা হ'ব।