পুলৱামাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষঃ জোৱান ছহিদ

পাছত আহতজনক সেনা হাস্পতাললৈ অনা হয়। সংঘৰ্ষটোত এজন সন্ত্ৰাসবাদীও নিহত হয়।
পুলৱামাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষঃ জোৱান ছহিদ
Published on: 

অশান্তজৰ্জৰ কাশ্মীৰৰ পুলৱামাত এক তুমুল সংঘৰ্ষত আজি এজন জোৱান ছহিদ হোৱাৰ লগতে এজন সন্ত্ৰাসবাদী নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি নিৰাপত্তা বাহিনীয়ে পুলৱামাৰ কামৰাজিপোৰাত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান চলাওঁতে এক তুমুল সংঘৰ্ষৰ সূত্ৰপাত ঘটে।

বহু সময় ধৰি চলি থকা সংঘৰ্ষটোত এজন জোৱান ছহিদ হোৱাৰ লগতে আন এজন জোৱান আহত হয়। পাছত আহতজনক সেনা হাস্পতাললৈ অনা হয়। সংঘৰ্ষটোত এজন সন্ত্ৰাসবাদীও নিহত হয়। সম্প্ৰতি সেনাই অঞ্চলটোত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান চলাই আছে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com