আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীক ষ্টাৰ্ট-আপ স্থাপনৰ আহ্বান

সোণোৱালে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা এক্ট ইষ্ট নীতিৰ বাবে অসম তথা উত্তৰ-পূব দেশৰ আৰ্থিক উন্নয়নৰ স্নায়ুকেন্দ্ৰত পৰিণত হৈছে ৷
আই আই টি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীক ষ্টাৰ্ট-আপ স্থাপনৰ আহ্বান

ষ্টাৰ্ট-আপ স্থাপনৰ বাবে আই আই টি-গুৱাহাটীৰ স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীক সহায় কৰিব অসম চৰকাৰে ৷ এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মঙলবাৰে আই আই টি গুৱাহাটীৰ ২২সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ দি সোণোৱালে আই টি টি গুৱাহাটীৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক ষ্টাৰ্ট স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷

এই ক্ষেত্ৰত প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ তেওঁ প্ৰতিশ্ৰতি দিয়ে।  ভিডিঅ' কনফাৰেন্সযোগে দিয়া এই ভাষণত সোণোৱালে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা এক্ট ইষ্ট নীতিৰ বাবে অসম তথা উত্তৰ-পূব দেশৰ আৰ্থিক উন্নয়নৰ স্নায়ুকেন্দ্ৰত পৰিণত হৈছে ৷ মুখ্যমন্ত্ৰীয়ে আই আই টি গুৱাহাটীক জলবিজ্ঞান অধ্যয়ন আৰু দুৰ্যোগ নিয়ন্ত্ৰণৰ এটা কেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জনায় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com