লক-ডাউনঃ দৰিদ্ৰ লোকক খাদ্য যোগানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

লক-ডাউনঃ দৰিদ্ৰ লোকক খাদ্য যোগানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্য সচিবক দৰিদ্ৰ লোকসকল, দিনহাজিৰা কৰা আৰু অনাথসকলক খাদ্য যোগান ধৰিবলৈ নিৰ্দেশ দিছে

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষণা কৰা লক-ডাউনৰ সময়ত দৰিদ্ৰ শ্ৰেণীৰ লোকে জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। তলাবন্ধ কৱলিত অঞ্চলসমূহৰ দৰিদ্ৰ লোকসকলক খাদ্য-সামগ্ৰী যোগান ধৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই কথা সদৰী কৰি আজি মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউণ্টত কোৱা হয়, " লক-ডাউনৰ ফলত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অনুধাৱন কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক দৰিদ্ৰ লোকসকল, দিনহাজিৰা কৰা আৰু অনাথসকলক খাদ্য যোগান ধৰিবলৈ নিৰ্দেশ দিছে"।"অৱশ্যে চৰকাৰী খাদ্য লাভৰ বাবে দৰিদ্ৰ লোকৰ তালিকা কোনে প্ৰস্তুত কৰিব, সেয়া নিশ্চিত হোৱা নাই।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com