নিঃস্বাৰ্থ সেৱাঃ অসম আৰক্ষীক উচ্চ প্ৰশংসা মুখ্যমন্ত্ৰী সোণোৱালৰ

উন্নত আন্তঃগাঁথনি আৰু আধুনিক সা-সঁজুলিৰে অসম আৰক্ষীয়ে অধিক ভাল সেৱা আগবঢ়াবলৈ সক্ষম হ’ব ৷
নিঃস্বাৰ্থ সেৱাঃ অসম আৰক্ষীক উচ্চ প্ৰশংসা মুখ্যমন্ত্ৰী সোণোৱালৰ

ক'ৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা দেশজোৰা তলাবন্ধৰ সময়ছোৱাত অসম আৰক্ষীয়ে নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা বুলি উল্লেখ কৰি আৰক্ষীক উচ্চ প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ডিব্ৰুগড় আৰক্ষী থানাত নৱ-নিৰ্মিত মিছন ফ'ৰ অভাৰ অল ইম্প্ৰ'ভমেণ্ট ফৰ ৰেসপন্সিভ মিছন শীৰ্ষক ব্যৱস্থা আজি মুকলি কৰি মুখ্যমন্ত্ৰী সোণোৱালে অসম আৰক্ষীক প্ৰশংসাৰে উপচাই পেলায় ৷ তেওঁ কয়, " উন্নত আন্তঃগাঁথনি আৰু আধুনিক সা-সঁজুলিৰে অসম আৰক্ষীয়ে অধিক ভাল সেৱা আগবঢ়াবলৈ সক্ষম হ'ব ৷" সোণোৱালে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম-নিৰ্ভৰ ভাৰতৰ সপোন পূৰ কৰিবলৈ ৰাজ্য চৰকাৰে স্থানীয়ভাবে উৎপাদিত সামগ্ৰীৰ উৎপাদন আৰু ৰপ্তানী বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে ৷ প্ৰধানমন্ত্ৰী মোদীৰ এই সপোন পূৰ কৰিবলৈ সকলোৱে ঐক্যবদ্ধভাবে কাম কৰিব লাগিব বুলি সোণোৱালে মন্তব্য কৰে ৷ আনহাতে, আজি মুখ্যমন্ত্ৰীয়ে আত্ম-সহায়ক গোটৰ মাজত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য যোজনাৰ অধীনৰ ট্ৰেক্টৰ বিতৰণো আনুষ্ঠানিকভাবে আৰম্ভ কৰে ৷ উল্লেখ্য যে তলাবন্ধৰ নীতি-নিয়ম বলবৎ চৰকাৰে আৰক্ষী আৰু সেনা নিয়োগ কৰে ৷ কাৰণ বহু লোকে তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰি ৰাজপথত বা ৰাজহুৱা স্থানত বিচৰণ কৰিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com