চলিত বৰ্ষত ১৪হেজাৰ লোকক নিযুক্তি দিব এছ বি আইয়ে

চলিত বৰ্ষত ১৪হেজাৰ লোকক নিযুক্তি দিব এছ বি আইয়ে

যোৱা মাৰ্চলৈকে এছ বি আইৰ মুঠ কৰ্মচাৰী হৈছে দুই লাখ ৪৯হেজাৰ ৷ অৱ্শ্যে ২০১৯ৰ মাৰ্চত বেংকটোৰ মুঠ কৰ্মচাৰী ২. ৫৭লাখ আছিল ৷

আৰ্থিক সংকটৰ মাজতে চলিত বৰ্ষত ভাৰতীয় ষ্টেট বেংক (এছ বি আই)-এ ১৪হেজাৰ লোক নিযুক্তি দিব ৷ দেশৰ বৃহত্তম বাণিজ্যিক বেংক এছ বি আইয়ে প্ৰকাশ কৰা অনুসৰি এই বেংকে চলিত বৰ্ষত ১৪হেজাৰ লোকক নিযুক্তি দিবলৈ আঁচনি প্ৰস্তুত কৰি উলিয়াইছে ৷ আনহাতে, বেংকে ৩০হেজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা স্বেচ্ছা অৱসৰ দিব বুলি প্ৰচাৰিত বাতৰিও এছ বি আই কৰ্তৃপক্ষই অস্বীকাৰ কৰিছে ৷

এই বাতৰি অস্বীকাৰ কৰি এছ বি আই কৰ্তৃপক্ষই এক বিবৃতিত কয়, " আমাৰ বেংক কৰ্মচাৰী বান্ধৱ৷ আমাৰ কৰ্ম পৰিসৰ বৃদ্ধি পাইছে আৰু চলিত ২০২০ত আমি ১৪হেজাৰ কৰ্মচাৰী নিযুক্তি দিম ৷" উল্লেখ্য যে এক তথ্য অনুসৰি যোৱা মাৰ্চলৈকে এছ বি আইৰ মুঠ কৰ্মচাৰী হৈছে দুই লাখ ৪৯হেজাৰ ৷ অৱ্শ্যে ২০১৯ৰ মাৰ্চত বেংকটোৰ মুঠ কৰ্মচাৰী দুই লাখ ৫৭হেজাৰ আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com