জি এম চি এইচৰ ছাত্ৰাবাসত ৰহস্যজনক অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

মৃতদেহটো অৰ্ধ-উলংগ অৱস্থাত উদ্ধাৰ হৈছে আৰু তললৈ মুখ কৰি পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে
জি এম চি এইচৰ ছাত্ৰাবাসত ৰহস্যজনক অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ
Published on: 

ৰহস্যজনক পৰিৱেশত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এম বি বি এছৰ চূড়ান্ত বৰ্ষৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। ২৩ বছৰীয়া মৃত ছাত্ৰ জনৰ নাম নিমচিংপেউং পামে। আৰক্ষী সূত্ৰই জনোৱা মতে, মৃত ছাত্ৰজনৰ ঘৰ

ডিমা হাছাওৰ মাহুৰত। তেওঁ জি এম চি এইচৰ ৪ নং হোষ্টেলৰ আবাসী আছিল । ছাত্ৰাবাসৰ প্ৰথম মহলাৰ ১১৩ নম্বৰ কোঠাৰ আবাসী আছিল মৃত ছাত্ৰজন। ছাত্ৰাবাসৰ তলত মৃতদেহটো পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে। মৃতদেহৰ মূৰ আৰু মুখত আঘাতৰ চিন স্পষ্ট হৈ আছে। মৃতদেহটো অৰ্ধ-উলংগ অৱস্থাত উদ্ধাৰ হৈছে আৰু তললৈ মুখ কৰি পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে। বৰ্তমানলৈকে ছাত্ৰজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com