ৰাজহুৱা প্ৰস্ৰাৱগাৰতো সংক্ৰমিত হ'ব পাৰে ক'ৰ'না ভাইৰাছ!

এই পৰীক্ষাকালত নিৰীক্ষণ কৰা ক’ৰ’না পজিটিভ ব্যক্তিসকলৰ ৮০ শতাংশই লক্ষণবিহীন ব্যক্তি আছিল।
ৰাজহুৱা প্ৰস্ৰাৱগাৰতো সংক্ৰমিত হ'ব পাৰে ক'ৰ'না ভাইৰাছ!
Published on

ৰাজহুৱা বা বহু লোকে ব্যৱহাৰ কৰা প্ৰস্ৰাবগাৰ-শৌচাগাৰৰ পৰাও ক'ৰ'না ভাইৰাছ সংক্ৰমিত হ'ব পাৰে! অসম চিকিত্সা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী অধ্যাপিকা আৰু এগৰাকী আৰক্ষী অধীক্ষকৰ যুটীয়া অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে। অসম চিকিত্সা মহাবিদ্যালয় হাস্পতালৰ অধ্যাপিকা ডাঃ গায়ত্ৰী গগৈ আৰু ধেমাজিৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানৱাটৰ নেতৃত্বত সম্পন্ন কৰা এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে। পৰীক্ষাকালত অসম আৰক্ষীয়ে ডিব্ৰুগড়ৰ প্ৰস্তুতি কেন্সাৰ এণ্ড পেলিয়েটিভ কেয়াৰ ট্ৰাষ্ট হাস্পতালৰ সহযোগত হোম কোৱাৰেণ্টিনত থকা ব্যক্তিক নিৰীক্ষণ কৰে।

এনেদৰে আৰক্ষীয়ে ১২৩জন ক'ৰ'না পজিটিভ ব্যক্তিক নিৰীক্ষণ কৰে।এই পৰীক্ষা চলিত বৰ্ষৰ মে'ৰ পৰা জুনলৈ সম্পন্ন কৰা হয়। এই পৰীক্ষাকালত নিৰীক্ষণ কৰা ক'ৰ'না পজিটিভ ব্যক্তিসকলৰ ৮০ শতাংশই লক্ষণবিহীন ব্যক্তি আছিল। উক্ত পৰীক্ষাৰ জৰিয়তে এই সিদ্ধান্তত উপনীয় হোৱা হয় যে তেওঁলোকৰ ক'ৰ'না সংক্ৰমিত হোৱাৰ মূল কাৰণ হৈছে উমৈহতীয়া বা বহু লোকে ব্যৱহাৰ কৰা শৌচাগাৰ ব্যৱহাৰ কৰাটো।      

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com