ইউ জি চিৰ পৰীক্ষা পতাৰ সিদ্ধান্তত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

যুক্তি প্ৰদৰ্শনৰ সময়ত তেওঁ কয় যে সম্প্ৰতি ভাৰতত ১ লাখ ৬০ হেজাৰ লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে।
ইউ জি চিৰ পৰীক্ষা পতাৰ সিদ্ধান্তত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ
Published on

বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)-এ পৰীক্ষা পাতিবলৈ লোৱা সিদ্ধান্তত স্থগিতাদেশ আৰোপ কৰিলে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে ইউ জি চিয়ে চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ যো-জা চলাইছে। এই ক্ষেত্ৰত অহা ১০ আগষ্টলৈকে স্থগিতাদেশ জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। আজি উচ্চতম ন্যায়ালয়ে শুনানীৰ সময়ত ইউ জি চিক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰা স্থিতি জনাবলৈ নিৰ্দেশ দিয়ে। তেতিয়া ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে অহা ৩ আগষ্টৰ ভিতৰত গৃহ মন্ত্ৰালয়ৰ স্থিতি জনোৱা হ'ব।

আনহাতে, আজি গোচৰীয়া পক্ষৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে। যুক্তি প্ৰদৰ্শনৰ সময়ত তেওঁ কয় যে সম্প্ৰতি ভাৰতত ১ লাখ ৬০ হেজাৰ লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে। এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ প্ৰস্থুতি চলাব নোৱাৰে বুলি মন্তব্য কৰিছে। বিচাৰপীঠৰ ন্যায়াধীশ অশোক ভূষনে বিষয়বস্তু সম্পৰ্কত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষসমূহৰ স্থিতি জানিব বিচাৰে। ইউ জি চিৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই চূড়ান্ত বৰ্ষৰ একাংশ ছাত্ৰ-ছাত্ৰী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com