

মাদুৰাইঃ তামিলনাডুৰ এটা মন্দিৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱা জয়মালা নামৰ এটা হাতী অসম আৰু তামিলনাডু চৰকাৰৰ মাজত বিবাদৰ হাড়ত পৰিণত হৈছে। তামিলনাডু চৰকাৰে ৪ জনীয়া অসমৰ দলটোক জয়মালাক লগ কৰিবলৈ নিদিবলৈ অটল আছিল।
অসমৰ দলটোক জয়মলাক সাক্ষাৎ কৰিবলৈ তামিলনাডু চৰকাৰে নিৰন্তৰভাৱে অস্বীকাৰ কৰাৰ পিছতে অসম চৰকাৰে গৌহাটী উচ্চ ন্যায়ালয়ত হাতীটোৰ জিম্মাত ৰখাৰ বাবে দাখিল কৰে।
গৌহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে তামিলনাডু চৰকাৰক ৪ জনীয়া অসমৰ দলটোক জয়মলাক সাক্ষাৎ কৰাৰ লগতে দলটোৰ সুৰক্ষাও সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
জয়মালা নামৰ হাতীটোৰ সন্দৰ্ভত তদন্ত কৰিবলৈ অসম চৰকাৰে তামিলনাডুলৈ প্ৰেৰণ কৰা চাৰিজনীয়া দলটোৱে দেওবাৰে তামিলনাডুলৈ উৰা মাৰিছিল।
"আমাৰ দলত বিশেষজ্ঞ আছে যিয়ে পৰীক্ষা কৰিব যে ,জয়মালাক কি চৰ্তত ৰখা হৈছে আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি আমি চৰকাৰৰ সৈতে জিম্মা সম্পৰ্কে আলোচনা কৰিম" প্ৰধান মুখ্য বন সংৰক্ষক, অসমৰ এম কে যাদৱে এক বিবৃতিত কয়।
দলটোৰ দুজন সদস্য- মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু ৩ ছেপ্টেম্বৰত তামিলনাডুৱে বৈঠক অনুষ্ঠিত কৰাৰ পৰা বঞ্চিত হোৱাৰ পিছত অসমলৈ উভতি অহা অসমৰ এগৰাকী প্ৰখ্যাত পশু চিকিৎসক কে কে শৰ্মাই মাদুৰাইলৈ উৰা মাৰিব আৰু তাৰ পিছত ল'ব তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ অন্তৰ্গত শ্ৰীভিলিপুথুৰ মন্দিৰত জয়মলাক লগ কৰাৰ উদ্দেশ্যে ৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ভ্ৰমণ।
কে কে শৰ্মাই এক বিবৃতিত কয় যে,গৌহাটি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত অসম চৰকাৰে আমাক মন্দিৰদৰ্শন কৰিবলৈ আৰু জয়মালাৰ কল্যাণৰ বিষয়ে সোধা-পোছা কৰিবলৈ নিৰ্দেশ দিছে। আমি চেন্নাই হৈ মাদুৰাইলৈ আহিছো আৰু আমাৰ দলৰ আন দুজন সদস্য মাদুৰাইত লগ হ'ব আৰু তাৰ পিছত আমি মন্দিৰত উপস্থিত হ'বলৈ ৭০ কিলোমিটাৰ দীঘল পথ ভ্ৰমণ কৰিম যাতে জয়মালাক কি অৱস্থাত ৰখা হয় আৰু যদি আমি দেখিবলৈ পাওঁ যে জয়মালাক প্ৰকৃততে দুৰ্ব্যৱহাৰ কৰা হৈছে যিটো তামিলনাডু চৰকাৰে অস্বীকাৰ কৰিছে আমি তামিলনাডু চৰকাৰক জয়মালাৰ জিম্মাৰ বাবে সুধিম"।
লগতে পঢ়ক:অৰুণাচল: স্কুলীয়া শিশুক ধৰ্ষণ, উৎপীড়ন কৰাৰ অভিযোগত তিনিজনক আটক