প্ৰশ্ন কাকত ফাদিল কৰাৰ অভিযোগত টে'ট নিৰীক্ষকক গ্ৰেপ্তাৰ

প্ৰধান শিক্ষক মোস্তাফিজুৰ ৰহমানে অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে গ্ৰহণ কৰে এই পদক্ষেপ।
প্ৰশ্ন কাকত ফাদিল কৰাৰ অভিযোগত  টে'ট নিৰীক্ষকক গ্ৰেপ্তাৰ

যোৱা মঙ্গলবাৰ, ২নৱেম্বৰত ছোচিয়েল মিডিয়াৰ জৰিয়তে টে'ট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাইলাকান্দিৰ এজন শিক্ষকক।

২০২১চনৰ টে'ট পৰীক্ষা অনুষ্ঠিত কৰা হয় যোৱা ৩১অক্টোবৰত। এম. চি. এইচ. উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোস্তাফিজুৰ ৰহমানে অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতেই আৰক্ষীয়ে গ্ৰহণ কৰে এই পদক্ষেপ।

এজাহাৰ দাখিলৰ পাছত আৰক্ষীয়ে অভিযুক্ত শিক্ষক গৰাকীক এম. চি. এইচ. উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বাহাৰুল আলম কৌছৰ বৰভূঞা হিচাপে চিনাক্ত কৰে। মঙ্গলবাৰে ৰঙীৰখাৰি আৰক্ষী থানালৈ লৈ যোৱা হয় অভিযুক্ত শিক্ষকগৰাকীক। কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকে জনাইছে যে শিক্ষক গৰাকীক দুৰ্নীতি নিবাৰণ আইন, ১৯৮৮ -ৰ অধীনত গ্ৰেপ্তাৰ হৈছে।

কাছাৰ জিলাৰ ৬০টা পৰীক্ষা কেন্দ্ৰৰ এটি কেন্দ্ৰৰ নিৰক্ষক আছিল শিক্ষক বাহাৰুল। পৰীক্ষাৰ প্ৰশ্নখন পৰীক্ষাৰ সমাপ্তিৰ পাছত বিয়লি প্ৰায় ৪মান বজাত অনলাইন যোগে আপলোড কৰা হয় আৰু অতি কম সময়ৰ ভিতৰতে এই ফটো অনলাইনযোগে ভাইৰেল হৈ পৰে। ভাইৰেল হোৱা প্ৰশ্ন কাকত খনৰ ওপৰত স্পষ্ট ভাৱে পৰিলক্ষিত হয় উক্ত দিনটোত অনুষ্ঠিত হোৱা টেত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থীৰ ক্ৰমিক নম্বৰ।

আৰক্ষীয়ে কৰা জেৰাত প্ৰশ্নোত্তৰত শিক্ষক বাহাৰুলে পৰীক্ষাৰ সমাপ্তিৰ পাছত তেওঁ প্ৰশ্ন কাকতখনৰ ফটো তোলাৰ কথা স্বীকাৰ কৰিছে যদিও সেই ফটো অনলাইন যোগে আপলোড কৰাৰ পৰা অস্বীকাৰ প্ৰকাশ কৰিছে। সংবাদ মাধ্যমক শিক্ষক গৰাকীয়ে জনাই যে প্ৰশ্ন কাকতৰ ফটো লোৱাটো অপৰাধ বুলিও জানিও তেওঁ মাত্ৰ পঢ়িবৰ কাৰণে এই কাম কৰিছিল, ইয়াৰ লগত আন কোনোধৰণৰ উদ্দেশ্য জৰিত হৈ থকা নাই। তেওঁ কয় যে, যিহেতু তেওঁ বৃত্তিত এগৰাকী শিক্ষক সেয়েহে শিক্ষা সম্বন্ধীয় সকলো ধৰণৰ সকলো তথ্য তেওঁ সংগ্ৰহ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com