ক'ৰ'না মহামাৰীবিৰোধী যুঁজঃ তেজপুৰৰ প্ৰতিৰক্ষা গৱেষণাগাৰত নমুনা পৰীক্ষণ কেন্দ্ৰ মুকলি

ডি আৰ ডি অ-ই তেজপুৰৰ প্ৰতিৰক্ষা গৱেষণাগাৰক কৰ্তৃত্বশীল ক'ৰ'নাৰ নমুনা পৰীক্ষণ কেন্দ্ৰৰূপে স্বীকৃতি দিছে।
ক'ৰ'না মহামাৰীবিৰোধী যুঁজঃ তেজপুৰৰ প্ৰতিৰক্ষা গৱেষণাগাৰত নমুনা পৰীক্ষণ কেন্দ্ৰ মুকলি

ক'ৰ'না মহামাৰীবিৰোধী যুঁজঃ তেজপুৰৰ প্ৰতিৰক্ষাগাৰাত নমুনা পৰীক্ষণ কেন্দ্ৰ মুকলি

অসমত অধিক শক্তিশালী হৈছে ক'ৰ'না মহামাৰীবিৰোধী যুঁজ। তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণাগাৰত মুকলি কৰা হৈছে এটা ক'ৰ'নাৰ নমুনা পৰীক্ষণ কেন্দ্ৰ। এই কেন্দ্ৰ মুকলিত অনুমোদন জনাইছে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা( ডি আৰ ডি অ)ই। এই কথা প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়," আমাৰ ক'ৰ'না মহামাৰীবিৰোধী যুঁজখন অধিক শক্তিশালী হৈছে। মই সুখী হৈছো যে ডি আৰ ডি অ-ই তেজপুৰৰ প্ৰতিৰক্ষা গৱেষণাগাৰক কৰ্তৃত্বশীল ক'ৰ'নাৰ নমুনা পৰীক্ষণ কেন্দ্ৰৰূপে স্বীকৃতি দিছে। ইয়াৰ বাবে মই প্ৰতিৰক্ষা মন্ত্ৰীক ধন্যবাদ জনাইছো"। ইয়াৰ পূৰ্বে শনিবাৰে স্বাস্থ্য মন্ত্ৰী শৰ্মাই যোৰহাটস্থিত উত্তৰ-পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এই পৰীক্ষাগাৰ মুকলি কৰে ৷ পৰীক্ষাগাৰটো মুকলি অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী শৰ্মাই আজিৰ দিনটোক অসমৰ বাবে উল্লেখযোগ্য দিনৰূপে অভিহিত কৰে ৷ তেওঁ কয় যে এই প্ৰতিষ্ঠান হৈছে নতুন দিল্লীস্থিত বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ এক অংগ৷ তৎসত্বেও এই সংকটৰ ভয়াবহতা অনুধাৱন কৰি প্ৰতিষ্ঠানখনে মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ "আৰু দুই-এদিনৰ ভিতৰতে ক'ৰ'নাৰ নমুনা পৰীক্ষা এক-দুই লাখৰ ওচৰা-ওচৰি হ'ব ৷ কিন্তু আৰু আমি অধিক কাম কৰিব বিচাৰো ৷ কাৰণ আমি আন ৰোগীৰ পৰা ক'ৰ'না ৰোগীক আঁতৰ কৰি চিকিৎসা প্ৰদান কৰিব বিচাৰোঁ," তেওঁ গইদৰে কয় ৷ স্বাস্থ্য মন্ত্ৰী শৰ্মাই আৰু কয় যে নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে আৰু বহুসংখ্যক পৰীক্ষাগাৰে কাম কৰি আছে ৷

আনহাতে, কালি মন্ত্ৰী শৰ্মাই গুৱাহাটীৰ বৰাগাঁৱত আৰু এটা ক'ৰ'না পৰীক্ষণ কেন্দ্ৰ মুকলি কৰে। এই পৰীক্ষণ কেন্দ্ৰ আই এ এছ এছ টিত অৱস্থিত।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com